নাহৰকটীয়াত বিলাসী বাহনৰ পৰা উদ্ধাৰ ছাগলী, আৰক্ষীৰ জালত অভিযুক্ত চোৰ - Theft Incident At Naharkatia
Published : Mar 8, 2024, 1:23 PM IST
নাহৰকটীয়া, ৮ মাৰ্চ : ৰাজ্যত চলি থকা চোৰাং কাৰ্য বন্ধ কৰিবলৈ অসম আৰক্ষীয়ে তৎপৰতা বৃদ্ধি কৰা সময়ত ছাগলী চোৰে লৈছে ন ন কৌশল । ৰাস্তাৰ কাষত ঘুৰি ফুৰা ছাগলী এইবাৰ চোৰৰ টাৰ্গেট হৈ পৰিছে । তেনে এক ঘটনা পোহৰলৈ আহিছে এইবাৰ নাহৰকটীয়াৰ জয়পুৰত । শুকুৰবাৰে জয়পুৰৰ দিশৰ পৰা অহা এখন নীলা I20 গাড়ীয়ে পথৰ কাষত ৰখাই থোৱা এখন কেন্দ্ৰীয় সংৰক্ষিত পুলিচ বাহিনীৰ বাছত খুন্দিয়াই পলায়ন কৰাৰ পিছত কিছুদূৰ গৈ গাড়ীখনৰ টায়াৰ ফুটাৰ বাবে পথৰ কাষত গাড়ী ৰখাই পলায়ন কৰে গাড়ী চালকে ।
লগে লগে জয়পুৰ আৰক্ষী আৰু স্থানীয় ৰাইজে গাড়ীখনত তালাচী চলোৱাত উদ্ধাৰ হয় ৭ টাকৈ ছাগলী । AS06E0771 নম্বৰৰ গাড়ী চালকৰ সৈতে আন এটা চোৰে পলায়ন কৰে যদিও বাহনখনত অহা আন এটা ছাগলী চোৰক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী । ধৃত চোৰটো ডিব্ৰুগড়ৰ নালিয়াপুলৰ নিবাসী আতিকুৰ ৰহমান বুলি জানিব পৰা গৈছে ।
ধৃত চোৰটোৱে জানিবলৈ দিয়া মতে ডিব্ৰুগড়ৰে ৰাতুল হাজৰিকা আৰু বিতু আহমেদ নামৰ আন দুটা চোৰৰ সৈতে দীৰ্ঘদিন ধৰি এই অঞ্চলত তেওঁলোকে ছাগলী চুৰি কৰি এই চুৰি ছাগলীসমূহ নি ডিব্ৰুগড়ৰ বিভিন্ন ছাগলী মাংস বেপাৰীক ৪০০-৪৫০ টকাত বিক্ৰী কৰি আহিছিল । ইতিমধ্যে জয়পুৰ আৰক্ষীয়ে পলায়ন কৰা আন দুটা চোৰৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে ।
লগতে পঢ়ক: গৰু চোৰৰ তাণ্ডৱ: নিশা হ’লেই নাইকিয়া হয় এটাৰ পিচত আনটো গৰু