অসম

assam

ETV Bharat / videos

চাৰিটাকৈ গঁড়ৰ মুক্ত বিচৰণত শংকিত মাজুলীবাসী - FREE ROAMING OF RHINO

By ETV Bharat Assamese Team

Published : Nov 22, 2024, 1:18 PM IST

Updated : Nov 22, 2024, 1:46 PM IST

মাজুলী: কেতিয়াবা যদি বনৰীয়া হাতীৰ আতংক, কেতিয়াবা আকৌ গঁড়ৰ আতংক । বন্যজীৱনৰ বিচৰণে ভিন্ন সময়ত শংকিত কৰি আহিছে মাজুলীবাসীক । মাজুলীৰ টিকৰাই চাপৰি, দ বালি চাপৰিত এটা, কাৰ্তিক চাপৰিত দুটা আৰু কংস চাপৰিত এটা মুঠ চাৰিটা গঁড়ে বিচৰণ কৰাত ৰাইজৰ মাজত আতংকই বিৰাজ কৰিছে ।  

বিগত এমাহ ধৰি গঁড় চাৰিটাই  বিচৰণ কৰি চাপৰিৰ কৃষক ৰাইজৰ ৰবিশস্য বিনষ্ট কৰিছে । গঁড়ৰ ভয়ত কৃষি পথাৰত কাম কৰিবলৈ শংকা কৃষক ৰাইজৰ । বন বিভাগে ইতিমধ্যে গঁড়কেইটাক তাৰ পৰা খেদি পঠোৱাৰ চেষ্টা অব্যাহত ৰাখিছে ।  

ৰাইজৰ লগতে গঁড়ৰ সুৰক্ষাৰ বাবে চাপৰিৰ দুৰ্গম এলেকাত বন বিভাগে পহৰাৰ ব্যৱস্থা কৰিছে । ইফালে, এই গঁড়কেইটাক যাতে কোনেও অপকাৰ কৰিব নোৱাৰে তাৰ বাবে চাপৰিত থকা কৃষকৰ খুঁটিসমূহত অচিনাক্ত লোকক আশ্ৰয় নিদিবলৈ আহ্বান জনাইছে বন বিভাগে ।

লগতে পঢ়ক:এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণে আতংকৰ সৃষ্টি কৰিছে টীয়কৰ এজাগুৰীত - Free roaming of rhino
Last Updated : Nov 22, 2024, 1:46 PM IST

ABOUT THE AUTHOR

...view details