জলকুঁৱৰী নিশামণিক সম্বৰ্ধনা জনালে দল-সংগঠনসহ, আত্ম-সহায়ক গোটে - Windsurfing Championship In Goa - WINDSURFING CHAMPIONSHIP IN GOA
Published : May 8, 2024, 10:33 PM IST
সৰুপথাৰ,৮ মে': উইন্ড-চাৰ্ফিং প্ৰতিযোগিতাত স্বৰ্ণ জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে নিশামণি বৰাই । সৰুপথাৰৰ নগাজৰী গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ কন্যা নিশামণিয়ে অসমৰ ক্ৰীড়া জগতত বহু কম চৰ্চিত দুঃসাহসিক খেলত স্বৰ্ণ জয় কৰি কঢ়িয়ালে গৌৰৱ । লাভলীনা বৰগোঁহাইৰ পিছতেই নিশামণিয়ে পৰৱৰ্তী পৰ্যায়ত সপোন দেখিছে অলিম্পিকলৈ । বুধবাৰে নিশামণিৰ সৰুপথাৰৰ বাসগৃহত দল-সংগঠনসহ, আত্ম-সহায়ক গোটৰ সদস্য তথা ৰাইজে সম্বৰ্ধনা জ্ঞাপন কৰে ।
মহাৰাষ্ট্ৰৰ গোৱাত ১মে' ৰ পৰা ৪ মে'লৈ অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ 'Indian Navy open windsurfing Championship' অৰ্থাৎ পালতোলা প্ৰতিযোগিতা । উইন্ড-চাৰ্ফিং প্ৰতিযোগিতাত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় অসমৰ নিশামণি বৰা । উল্লেখ্য যে ৩০ তাৰিখে সাগৰৰ বুকুৰ পৰাই খেলৰ পূৰ্বে অসমবাসীৰ আশীৰ্বাদ বিচাৰিছিল নিশামণিয়ে । ইয়াৰ পিছতেই সাগৰৰ বুকুত উৰাইছিল অসমীয়াৰ স্বাভিমান গামোচা । উক্ত সম্বৰ্ধনা অনুষ্ঠানতে নিশামণিয়ে উল্লেখ কৰিলে নিজৰ কিছু অভিজ্ঞতাৰ কথা ।