অসম

assam

ETV Bharat / videos

চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত কৃষকে ট্ৰেক্টৰ নহয়, গৰু হালেৰেই চহাইছে মাটি - Traditional Farming

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 3:28 PM IST

Updated : Jul 22, 2024, 5:03 PM IST

বৰপেটাৰোড, ২২ জুলাই : বৰপেটা জিলাৰ সৰভোগৰ মাদুলীঝাৰ গাঁৱৰ পথাৰত ট্ৰেক্টৰৰ সলনি গৰুৰে হালবাই কঁঠিয়া ৰোপণত ব্যস্ত কৃষক । কঁপালৰ ঘাম মাটিত পেলাই সোণগুটি ৰোৱাত ব্যস্ত হৈ পৰিছে কৃষকসকল ৷ কোনোবাই যদি ট্ৰেক্টৰেৰে হাল বাই কঁঠিয়া ৰোপণ কৰি অধিক ফচল উৎপাদনৰ চেষ্টা কৰিছে, আন কোনোবাই ধনৰ অভাৱত গৰুৰে হাল বাই পথাৰত কঁঠিয়া ৰোপণত ব্যস্ত হৈ পৰিছে ৷  

উল্লেখ্য যে যি সময়ত ৰাজ্য চৰকাৰে কৃষকসকলৰ মাজত ৰেহাই মূল্যত ট্ৰেক্টৰ, ৰাসায়নিক সাৰ, অন্যান্য সা-সজুঁলি আদি বিতৰণ কৰি কৃষকক অধিক ফচল উৎপাদনৰ বাবে উৎসাহ যোগোৱা বুলি দাবী কৰিছে, সেই সময়তে সৰভোগৰ মাদুলীঝাৰ গাঁৱৰ কৃষকসকলে চৰকাৰে যোগান ধৰা বিভিন্ন ধৰণৰ সা-সুবিধাৰ পৰা বঞ্চিত হৈ কঠোৰ পৰিশ্ৰম কৰি গৰুৰে হালবাই খেতি কৰিবলগীয়া হৈছে ।

লগতে পঢ়ক:ট্ৰেক্টৰ নহয়, আজিও গৰু হালেৰেই মাটি চহাইছে মংলা মুৰ্মুৱে - Traditional Farming

খেতিত মগন এগৰাকী উচ্চ শিক্ষিতা যুৱতী : খেতি কৰিয়েই যাব তেওঁ - Inspirational Story

Last Updated : Jul 22, 2024, 5:03 PM IST

ABOUT THE AUTHOR

...view details