ঢকুৱাখনাত প্ৰাক্তন সৈনিক সমাৰোহ সম্পন্ন - প্ৰাক্তন সৈনিক সন্থা
Published : Feb 15, 2024, 6:11 PM IST
লখিমপুৰ, 15 ফেব্ৰুৱাৰী : লখিমপুৰ জিলা সৈনিক কল্যাণ বিষয়া কাৰ্যালয়ৰ উদ্যোগত আৰু ঢকুৱাখনা মহকুমা প্ৰাক্তন সৈনিক সন্থাৰ সহযোগত বৃহস্পতিবাৰে ঢকুৱাখনাত অৱস্থিত ‘টাই আহোম গৱেষণা আৰু বিকাশ কেন্দ্ৰ’ৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে ঢকুৱাখনা মহকুমাৰ প্ৰাক্তন সৈনিকসকলৰ সমাৰোহখনি অনুষ্ঠিত হৈ যায় ।
সভাত প্ৰাক্তন সৈনিকসকলৰ লগতে বীৰ নাৰী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ পেন্সন, চিকিৎসা, পুনৰ নিযুক্তি, ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষা বৃত্তি, ডিজিটেল লাইফ চাৰ্টিফিকেট প্ৰদান, বিভিন্ন ডকুমেন্টৰ সম্পর্কীয় বিভিন্ন সমস্যাৰাজিৰ সমাধান সম্পৰ্কে জিলা সৈনিক কল্যাণ বিষয়া অবৈতনিক কেপ্টেইন মাথুৰ কলিতা আৰু কাৰ্যালয়ৰ উচ্চবর্গ সহায়ক চিত্তৰঞ্জন বৰাই পৰামর্শ আগবঢ়ায় । ঢকুৱাখনা মহকুমা প্ৰাক্তন সৈনিক সন্থাৰ ডেৰ শতাধিক সদস্য, বীৰ নাৰী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই প্ৰাক্তন সৈনিকৰ সমাৰোহ কার্যসূচীত অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক : লখিমপুৰত কেন্দ্রীয় আলি আয়ে লৃগাং উপলক্ষে উখল-মাখল পৰিৱেশ