অসম

assam

ETV Bharat / videos

প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিবলৈ লোৱা লক্ষ্মী পূজাক লৈ উখল-মাখল কচুতলী

By ETV Bharat Assamese Team

Published : Oct 15, 2024, 8:27 PM IST

নিউজ ডেস্ক,১৫ অক্টোবৰ: অপেক্ষাৰ অন্ত পৰিল । অৱশেষত বুধবাৰে সোণাপুৰৰ কচুতলীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব লক্ষ্মী পূজা । বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ উদ্যোগত স্থানীয় দল-সংগঠন আৰু ৰাইজৰ সহযোগত সন্দেহযুক্ত নাগৰিকক কচুতলীত প্ৰশাসনে উচ্ছেদ চলোৱাৰ পিছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে এই লক্ষ্মী পূজা । বহু বছৰৰ পূৰ্বে স্থাপন কৰা লক্ষ্মী মন্দিৰত এইবাৰ উদযাপন কৰা হ'ব এই পূজাভাগিৰ ।  

বিশ্ব হিন্দু পৰিষদৰ লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ডিমৰীয়া সমিতিৰ উদ্যোগত ৬০ টা হিন্দু পৰিয়ালে প্ৰথমবাৰৰ বাবে লক্ষ্মী পূজা উদযাপন কৰাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে । এই সন্দৰ্ভত বিশ্ব হিন্দু পৰিষদৰ ডিমৰীয়া প্ৰখণ্ডৰ সমন্বয়কগৰাকীয়ে কয়,"প্ৰথমবাৰৰ বাবে আমি লক্ষ্মী পূজা উদযাপন কৰিছো । সকলো সনাতনীক আমি নিমন্ত্ৰণ কৰিছো । ইয়াত পূজাৰ লগতে নাম-প্ৰসংগ অনুষ্ঠিত হ'ব । আমি ভাবিম এয়া সনাতনীৰ জয়, এয়া খিলঞ্জীয়াৰ জয়, এয়া অসমীয়াৰ জয় ।"

লগতে পঢ়ক: কচুতলীত উৰিব ধৰ্মধ্বজা, মাহেকে-পষেকে অনুষ্ঠিত হ'ব বিভিন্ন পূজা - Sonapur eviction drive

ABOUT THE AUTHOR

...view details