অসম

assam

ETV Bharat / videos

ভগৱানে বদৰুদ্দিন আজমলক সুমতি দিয়ক: ৰকিবুল হুছেইন - LOK SABHA ELECTION 2024 - LOK SABHA ELECTION 2024

By ETV Bharat Assamese Team

Published : May 4, 2024, 9:42 PM IST

বঙাইগাঁও, 4 মে’ : লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগা ধুবুৰী লোকসভা সমষ্টিত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ অগপ, এ আই ইউ ডি এফ প্ৰাৰ্থীৰ লগতে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে ধাৰাবাহিকভাৱে চলাইছে প্ৰচাৰ ৷  

শনিবাৰে বঙাইগাঁও জিলাৰ চাকলাত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে এখন বিশাল জনসভাত নিৰ্বাচনী প্ৰচাৰ চলায় ৷ সভাত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে হিমন্ত বিশ্ব শৰ্মাক পৃথিৱীৰ ভিতৰতে আটাইতকৈ সাম্প্ৰদায়িক নেতা আখ্যা দিয়াৰ লগতে ৰং সলনি কৰা শ্ৰেষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মা বুলি কয় ৷

এই সভাতে ৰকিবুল হুছেইনে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলক তীব্ৰ কটাক্ষ কৰে ৷ সভাত উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰ, দক্ষিণ অভয়াপুৰীৰ বিধায়ক প্ৰদীপ কুমাৰ সৰকাৰ উপস্থিত থাকে ৷ এই সভাতে কেইবাজনো অগপ কৰ্মীয়ে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷

লগতে পঢ়ক : প্ৰদেশ কংগ্ৰেছত কোন এই ঘৰ শত্ৰু বিভীষণ ! - Lok Sabha Election 2024

অখিল গগৈ, লুৰীণ গগৈ মুছলমানৰ শত্ৰু : বদৰুদ্দিন আজমল - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details