মহিলাক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাত জড়িতক গ্ৰেপ্তাৰৰ দাবীত উত্তাল বাঘজান - Woman rape and murder - WOMAN RAPE AND MURDER
Published : Jun 10, 2024, 11:00 PM IST
তিনিচুকীয়া, ১০ জুন: তিনিচুকীয়া জিলাৰ বাঘজান আৰক্ষী থানাৰ অন্তৰ্গত এটা অইল ইণ্ডিয়া লিমিটেডৰ তৈল খাদৰ সমীপত যোৱা ৬ মে’ত গুইজান আৰক্ষী আৰু জিলা প্ৰশাসনে উদ্ধাৰ কৰে এগৰাকী বিবাহিত মহিলাৰ মৃতদেহ । মহিলা গৰাকীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি বাঘজান আৰক্ষী থানাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বাঘজান আঞ্চলিক সমিতিয়ে দাখিল কৰিছিল এখন স্মাৰক পত্ৰ । স্মাৰক পত্ৰখনত ৪৮ ঘণ্টা সময়সীমা বান্ধি দিছিল এই ঘটনাৰে জড়িতক গ্ৰেপ্তাৰ কৰিবলৈ । কিন্তু সেই সময় উকলি যোৱাৰ পিচতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বাঘজান আৰক্ষীয়ে কিম্বা জিলা প্ৰশাসনে ।
ইয়াৰেই প্ৰতিবাদত সোমবাৰে বাঘজান আৰক্ষী থানাৰ সন্মুখত সদৌ অসম আদিবাসী মহিলা সমিতিৰ তিনিচুকীয়া জিলা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বাঘজান আঞ্চলিক সমিতি উদ্যোগত শতাধিক ৰাইজৰ উপস্থিতিত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীৰে অমানৱীয় কাৰ্যত জড়িত থকা অভিযুক্তক অতিশীঘ্ৰে কৰায়ত্ব কৰিবলৈ দাবী জনায় । লগতে অহা ২৪ ঘণ্টাৰ ভিতৰত কোনো সদুত্তৰ নাপালে পুনৰ তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি আৰক্ষী-প্ৰশাসনক সকীয়াই দিয়ে প্ৰতিবাদকাৰীসকলে ।