অসম

assam

ETV Bharat / videos

অসমত কংগ্ৰেছৰ সভাপতি বদলি নহয়: দেৱব্ৰত শইকীয়া

By ETV Bharat Assamese Team

Published : Oct 15, 2024, 10:31 PM IST

আমগুৰি,১৫ অক্টোবৰ: আমগুৰিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ গুৰুত্বপূৰ্ণ মন্তব্য । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি সলনি নহয় বুলি মন্তব্য কৰি বিৰোধী দলপতিগৰাকীয়ে কয় যে উপ-নিৰ্বাচনৰ প্ৰাৰ্থী বিষয়ক কিছু প্ৰতিবেদনৰ সম্পৰ্কত হাইকমাণ্ডৰ লগত আলোচনাৰ বাবেহে দিল্লীলৈ গৈছে ভূপেন বৰা । ইয়াৰোপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে নাজিৰা সমষ্টিৰ বিধায়কগৰাকীয়ে ।

বিৰোধী দলপতি শইকীয়াই কয়,"বিজেপিক মুছলমানৰ ভোট নালাগে, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ ভোট বিচাৰি নাচি থাকে । সাম্প্ৰদায়িক কথা বিজেপি দলে যে কয় সেয়া নিশ্চিত । আনহাতে বাবা চিদ্দিকিৰ হত্যাকাণ্ডৰ বাবে মিত্ৰদলৰ মাজত অসন্তুষ্টি বৃদ্ধি পাইছে । ভয়-ভাবুকিৰে চৰকাৰী পক্ষ এৰি গ'লে হত্যা কৰা হ'ব তেনে এক চিগনেল দিবলৈ ৰাজনৈতিক হত্যাকাণ্ড সংঘটিত হ'ল । ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ধাৰ লৈ লৈ অসমৰ ৰাইজক হিতাধিকাৰী বনালেও তেওঁ নিজেই জিকিব বুলি গেৰান্টি নাই । য'তে ত'তে অনলাইন মেম্বাৰশ্বিপ কৰি বিজেপিৰ কোনো লাভ নহ'ব ।"

লগতে পঢ়ক: খেলিমেলি লাগিছে নেকি বঙাইগাঁও অগপত ? ৪০ বছৰীয়া দুৰ্গত অথন্তৰ

কংগ্ৰেছে কেতিয়া চূড়ান্ত কৰিব প্ৰাৰ্থী তালিকা ? জনালে ভূপেন বৰাই

হাৰিয়ানাৰ পৰা কিবা কিবি শিকিব পাৰিলে ভাল; কাক কি ক’ব খুজিছে দেৱব্ৰত শইকীয়াই !

ABOUT THE AUTHOR

...view details