বৰপেটাৰ পাটবাউসীত মহাপুৰুষ দামোদৰদেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি পালন - Death anniversary of Damodardev
Published : May 8, 2024, 10:14 PM IST
বৰপেটা, ৮ মে: ৰাজ্যজুৰি বুধবাৰে পালন কৰা হয় দামোদৰদেৱ গুৰুৰ তিৰোভাৱ তিথি ৷ অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক তথা পাটবাউসী সত্ৰৰ প্ৰতিস্থাপক শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি মহোৎসৱ আদিসত্ৰ পাটবাউসীত সাত দিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় । বন্তি প্ৰজ্বলন, আই আৰু ভকতসকলৰ নাম প্ৰসংগৰ লগতে সত্ৰীয়া পৰম্পৰাৰে আজি মূল তিৰোভাৱ তিথি পালন কৰা হয় ।
গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰৰ লগতে দেৱ দামোদৰ সংঘই আজি গুৰুজনাৰ আজ্ঞা অনুসৰি পাটবাউসী সত্ৰত কৰভাৰ প্ৰদান কৰে । শ্ৰীশ্ৰীদেৱ দামোদৰ সংঘৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্ত আৰু সত্ৰই শোভাযাত্ৰা কৰি গুৰুজনাৰ আদিসত্ৰ ৰূপে পৰিচিত পাটবাউসী সত্ৰলৈ পৰম্পৰাগত ৰীতিৰে কৰভাৰ প্ৰদান কৰে । ইয়াৰোপৰি আজিৰ দিনটোত প্ৰসংগ, আয়তীৰ নাম আদি কাৰ্যসূচী ৰূপায়ন কৰা হয় বুলি সত্ৰাধিকাৰ ভাস্কৰজ্যোতি গোস্বামীয়ে সদৰী কৰিছে ।