কালদিয়াৰ তাণ্ডৱ: বানপীড়িত অঞ্চল পৰিভ্ৰমণ বৰপেটা জিলা আয়ুক্তৰ - Assam Flood 2024 - ASSAM FLOOD 2024
Published : Jun 19, 2024, 1:11 PM IST
বৰপেটা, 19 জুন : ৰাজ্যত এতিয়া নেৰানেপেৰা বৰষুণ ৷ নামনি অসমৰ বহু ঠাই এতিয়া পানীৰ তলত ৷ কালদিয়া নৈৰ বাঢ়নী পানীয়ে বৰপেটা জিলাৰ সৰুক্ষেত্ৰীৰ কেইবাটাও স্থান প্লাৱিত কৰিছে । সৰুক্ষেত্ৰীৰ বানপীড়িত অঞ্চলসমূহ মঙলবাৰে বিয়লি পৰিদৰ্শন কৰে বৰপেটাৰ জিলা আয়ুক্ত আয়ুষ গাৰ্গে ।
বানৰ ফলত সৰুক্ষেত্ৰীৰ কেইবাটাও পথৰ ৰিং বান্ধ ছিগিছে । ছিগা অংশৰে পানী সোমাই বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে । ইয়াৰ ফলত যাতায়াত ব্যৱস্থাও ব্যাহত হৈ পৰিছে । জিলা আয়ুক্ত গাৰ্গে জনাই যে, জিলাখনৰ সকলো বিভাগৰ বিষয়াক লগত লৈ তেওঁ এই বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰে । যিসমূহ স্থান বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে সেইবোৰ সোনকালে মেৰামতি কৰা হ'ব বুলি জিলা আয়ুক্ত গৰাকীয়ে আশ্বাস প্ৰদান কৰে ।