মৰিগাঁও জিলা প্ৰশাসনৰ সতৰ্কবাণী - DC Debasish Sharma
Published : Aug 29, 2024, 7:05 PM IST
ধিং,২৯ আগষ্ট: ধিংকাণ্ডক লৈ নগাঁও আৰু মৰিগাঁও জিলাৰ একাংশ গাঁও অঞ্চলকে ধৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে একাংশ দুস্কৃতিকাৰীয়ে অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব পাৰে বুলি আশংকা কৰি মৰিগাঁও জিলা প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা হৈছে সতৰ্কবাণী । জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই বৃহস্পতিবাৰে এক ভিডিঅ' বাৰ্তাযোগে মৰিগাঁও জিলাৰ প্ৰতিজন নাগৰিকক আহ্বান জনাই কয় যে কোনো নাগৰিক বা দুস্কৃতিকাৰীয়ে যদি মৰিগাঁও জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত বা মৰিগাঁও জিলাৰ কোনো পথত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে তেন্তে জিলা প্ৰশাসনৰ ফালৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
জনজীৱন বিপন্ন কৰা তথা জনসাধাৰণৰ যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰা কোনো লোকক ৰেহাই দিয়া নহয় বুলি আয়ুক্ত দেৱাশীষ শৰ্মাই সতৰ্ক কৰি দিয়ে । আয়ুক্তগৰাকীয়ে কয় মৰিগাঁও জিলাৰ শান্তি-সম্প্ৰীতি বজাই ৰাখিব লাগিব । এইক্ষেত্ৰত কোনো আপোচ কৰা নহয় । আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথো উপস্থিত আছিল ।