Published : 4 hours ago
পদুম পুখুৰী বিদ্যালয়ৰ ঘটনা : দৰঙৰ বিদ্যালয়সমূহৰ পৰিদর্শকক অকৰ্মণ্য আখ্যা আছুৰ - Sipajhar Student Murder Case
দৰং, ২৫ ছেপ্টেম্বৰ : মানৱীয়তাহীন দৰঙৰ বিদ্যালয়সমূহৰ পৰিদর্শকৰ কাৰ্যক লৈ খড়্গহস্ত দৰং জিলা ছাত্ৰ সন্থা । দৰং জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক চেমিনা য়াচমিন আৰা ৰহমানক অদক্ষ তথা অকৰ্মণ্য আখ্যা আছুৰ ।
দৰঙৰ মহলীয়াপাৰা পদুম পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত দুৰ্ভাগ্যজনকভাৱে সহপাঠীৰ হাতত ভৱেশ ডেকা নামৰ নৱম শ্ৰেণীৰ ছাত্ৰজনৰ মৃত্যুৰ ঘটনা সংঘটিত হোৱাৰ তিনিদিন পাৰ হৈ গ'ল । কিন্তু দৰঙৰ শিক্ষা বিষয়াগৰাকীয়ে এবাৰো গৈ পৰিয়ালটোৰ ওচৰত থিয় নোহোৱাত ক্ষোভ প্ৰকাশ কৰে আছুৱে ।
লগতে বিদ্যালয়খনৰ শিক্ষকসকলক কোনো ধৰণৰ কাৰণ দৰ্শোৱাৰ জাননী প্ৰদানৰ লগতে বিভাগীয় তদন্তও আজি পৰ্যন্ত নকৰাৰ অভিযোগ আছু নেতা পৰাগ চহৰীয়াৰ । আনহাতে, কাৰ্যালয়লৈ খুব কমেই অহা বিষয়াগৰাকীয়ে মইমতালিৰে নিজৰ ভাৰাঘৰতে কাৰ্যালয়ৰ কাম চলোৱাৰো অভিযোগ ছাত্ৰ নেতাগৰাকীৰ ।