ETV Bharat / state

বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম ডাউন টাউন বিশ্ববিদ্যালয়ত একাদশ সমাৱর্তন - Assam Down Town University - ASSAM DOWN TOWN UNIVERSITY

Assam Down Town University: অসম ডাউন টাউন বিশ্ববিদ্যালয়ত একাদশ সমাৱর্তন । বুধবাৰে বিশ্ববিদ্যালয়ৰ চৌহদত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় এই অনুষ্ঠানটি । অনুষ্ঠানত ৰাজ্যপালৰ উপস্থিতিত ওড়িশাৰ অধ্যাপক অচ্যুত শ্যামন্তাক প্ৰদান কৰা হয় ডক্টৰ অফ লেটাৰছ সন্মান ।

11th convocation at Assam Down Town University
অসম ডাউন টাউন বিশ্ববিদ্যালয়ত একাদশ সমাৱর্তন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 25, 2024, 9:08 PM IST

গুৱাহাটী,২৫ ছেপ্টেম্বৰ: মহানগৰীৰ পানীখাইটিস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ত একাদশ সমাৱর্তনৰ অনুষ্ঠানটি বুধবাৰে বিশ্ববিদ্যালয়ৰ চৌহদত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা । অনুষ্ঠানত ৰাজ্যপালৰ উপস্থিতিত ওড়িশাৰ অধ্যাপক অচ্যুত শ্যামন্তাক ডক্টৰ অফ লেটাৰছ সন্মান প্ৰদান কৰা হয় ।

ইয়াৰ সমান্তৰালভাৱে ২৬ গৰাকী শিক্ষাৰ্থীক পি.এইচ.ডিৰ লগতে নাৰ্চিং বিভাগৰ ১৩ গৰাকীক, ফাৰ্মাচিউটিকেল চায়েন্সৰ ১৪ গৰাকীক, পেৰামেডিকেল চায়েন্সৰ ২৮ গৰাকীক, বিজ্ঞানৰ ১০৪ গৰাকীক, হিউমেনিটি এণ্ড চ'ছিয়েল চায়েন্সৰ ৬৫ গৰাকীক, কমাৰ্চ এণ্ড মেনেজমেণ্টৰ ১৫০ গৰাকীক, ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজীৰ ৮০ গৰাকীক স্নাতকোত্তৰ ডিগ্ৰীৰ উপৰিও ১২০২ গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰী প্ৰদান কৰা হয় ।

অসম ডাউন টাউন বিশ্ববিদ্যালয়ত একাদশ সমাৱর্তন (ETV Bharat Assam)

লগতে যুগান্ত কুমাৰ কলিতা, আমিনা আহমেদক সোণৰ পদক আৰু প্ৰিন্স কুমাৰ সিঙক বেষ্ট প্লেচমেণ্ট ৰিচিভাৰ বঁটা প্ৰদান কৰা হয় । আনহাতে প্ৰতিটো বিভাগৰ ডিগ্ৰীপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক ৰাজ্যপালে অনুমোদন জনোৱাৰ পিছত ডিগ্ৰী প্ৰদান কৰা হয় । ডিগ্ৰী প্ৰদান অনুষ্ঠানৰ পিছত মুখ্য অতিথি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উপস্থিত ছাত্ৰ-ছাত্ৰীক সু-নাগৰিক হৈ দেশৰ হৈ সদায় কাম কৰি যোৱাৰ উদ্দেশ্যি বক্তব্য প্ৰদান কৰে ।

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে,"এয়া এক আনন্দৰ মুহূৰ্ত । ডাউন টাউন বিশ্ববিদ্যালয়ে যোৱা ১১ টা বছৰে ৰাষ্ট্ৰৰ সেৱাত বা শিক্ষাৰ জগতখনত যিধৰণে অৰিহনা যোগালে সেয়া সঁচাকৈয়ে প্ৰশংসনীয় । বিশেষকৈ এটা সুন্দৰ গ্ৰীণ কেম্পাছ সুন্দৰ পাহাৰৰ মাজত, সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত ৮ হাজাৰতকৈ অধিক ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰাটো সঁচাকৈয়ে ডাউন টাউন বিশ্ববিদ্যালয়ৰ এক আদৰণীয় পদক্ষেপ ।"

লগতে পঢ়ক: জুবিন গাৰ্গ আৰু লু’ মাজাউক USTMৰ ফালৰ পৰা ডি-লিট সন্মান প্ৰদান - Zubeen Garg

কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ দ্বিতীয় দীক্ষান্ত সমাৰোহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.