thumbnail

By ETV Bharat Assamese Team

Published : 1 hours ago

ETV Bharat / Videos

মৃত ছাত্ৰক মৃগী ৰোগী আখ্যা : পদুম পুখুৰী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰীৰ ৰাজহুৱা ক্ষমা ভিক্ষা - Sipajhar Student Murder Case

দৰং, ২৫ ছেপ্টেম্বৰ : সহপাঠীৰ হাতত এজন ছাত্ৰ নিহতৰ সময়ত বিদ্যালয় প্ৰধানগৰাকীৰ কাণ্ডজ্ঞানহীন মন্তব্যত ক্ষোভিত হৈ থকা ৰাইজ বুধবাৰে ছিপাঝাৰৰ পদুম পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয় । বিদ্যালয়খনত স্থানীয় ৰাইজৰ উপস্থিতিৰ লগে লগে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । যাৰ বাবে অৱশেষত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী জানকী ডেকাই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিবলৈ বাধ্য হয় ।

উল্লেখ্যে যে ছিপাঝাৰৰ পদুম পুখুৰী হাইস্কুলত সোমবাৰে বিদ্যালয়খনত মৃগী ৰোগত ভৱেশ ডেকাৰ মৃত্যু হোৱা বুলি মন্তব্য কৰিছিল বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী জানকী ডেকাই । ইয়াকে লৈ ক্ষোভিত স্থানীয় দুই শতাধিক পুৰুষ-মহিলাই বুধবাৰে বিদ্যালয় চৌহদ উত্তপ্ত কৰি তোলে ।

অৱশেষত এই মন্তব্যৰ বাবে ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকী । অৱশ্যে ৰাইজ অহাৰ উমান পাই বিদ্যালয়ৰ গে'টত তলা লগাই ভিতৰত সোমাই আছিল শিক্ষক-শিক্ষয়িত্ৰীসকল । কিন্তু আৰক্ষী অৰ্ধসামৰিক বাহিনী তথা জিলা শিশু সুৰক্ষা বিষয়াৰ উপস্থিতিত প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে পূৰ্বে কৰা মিছা মন্তব্যৰ বাবে ৰাইজৰ ওচৰত মুকলিকৈ ক্ষমা বিচাৰে । লগতে এই মন্তব্যৰ বাবে দুখ প্ৰকাশ কৰে ।

লগতে পঢ়ক :এইবাৰ যোৰহাটৰ শিক্ষানুষ্ঠানত ৰক্তপাত, তেজেৰে ৰাঙলী দুই ছাত্ৰ - Clash breaks out between students
লগতে পঢ়ক :মঙলদৈৰ ছাত্ৰ হত্যাকাণ্ড; নিমাওমাও পৰিৱেশ মহলীয়াপৰা পদুম পুখুৰী হাইস্কুলত - Students Murder in Sipajhar

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.