thumbnail

By ETV Bharat Assamese Team

Published : 3 hours ago

ETV Bharat / Videos

পানীৰ তলত বাট-পথ; নাৱেৰে শ্মশানলৈ নিব লগীয়া হ’ল মৃতদেহ - Tragic incident

নগাঁও, ২৫ ছেপ্টেম্বৰ : পানীৰ মাজত থকা নগাঁও চহৰৰ হয়বৰগাঁও ৰে'লৱে ষ্টেচনৰ সমীপৰ লাচিতনগৰত প্ৰতিফলিত হৈছে পৌৰ এলেকা উন্নয়নৰ প্ৰকৃত ছবিখন । চহৰৰ মাজ মজিয়াতেই আছে এখন ভেনিচৰ দৰে পানীত ডুব গৈ থকা অঞ্চল । এই অঞ্চলটোৰ জনসাধাৰণে কেনে দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে সেয়া হয়তো কোনোৱেই কল্পনা কৰিব নোৱাৰে । লাচিতনগৰত সংঘটিত এক মৰ্মান্তিক ঘটনাই এই ছবিখন স্পষ্ট ৰূপত দাঙি ধৰিছে ।

চহৰখনৰ লাচিত নগৰৰ ২১ নং ৱাৰ্ডটো সম্প্ৰতি পানীৰ তলত । এটা বৃহৎ এলেকাত বাট-পথ আছে যদিও জলমগ্ন হৈ থকা বাট-পথৰ দুৰৱস্থাৰ বাবেই একপ্ৰকাৰ ব্যাহত হৈ আছে যাতায়ত । একঁকাল পানীৰ মাজেৰেই খোজকাঢ়ি যাতায়ত কৰিবলগীয়া হয় এলেকাটোৰ জনতাই । কিন্তু ইয়াৰ মাজতেই ঘটিল মৰ্মান্তিক ঘটনাটো ।  

সোমবাৰে নিশা মৃত্যু ঘটা লাচিতনগৰৰ এগৰাকী মহিলাক যাতায়তৰ অভাৱত মঙলবাৰে দুপৰীয়া পৰ্যন্ত কৰিব নোৱাৰিলে শেষকৃত্য। কাৰণ শ্মশানলৈ মৃতদেহ নিবলৈ নাই কোনো সুচল ব্যৱস্থা । অৱশেষত বহু পলমকৈ নৌকাৰ ব্যৱস্থা কৰিহে শ্মশানলৈ নিবলগীয়া হয় মহিলাগৰাকীৰ মৃতদেহ । পানীৰ মাজেৰে নাৱেৰে মৃতদেহ নি কৰিবলগীয়া হ'ল অন্ত্যেষ্টিক্ৰিয়া ।  

লগতে পঢ়ক:উন্নয়ন ক’ত হৈছে ? মৌলিক প্ৰয়োজনসমূহৰ বাবেও হাহাকাৰ একাংশ লখিমপুৰবাসীৰ - POOR COMMUNICATION

সমষ্টি পুনঃনিৰ্ধাৰণ প্ৰক্ৰিয়াই বিমোৰত পেলাইছে টীয়কবাসীক - Dilapidated road in Teok

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.