ETV Bharat / state

দেশত ৭০ শতাংশ ইলেক্ট্ৰ'নিক আৱৰ্জনা সৃষ্টি কৰে কম্পিউটাৰ ছিষ্টেমে : প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ অধ্যক্ষ - Assam Pollution Control Board

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Waste management conferences in Guwahati : দেশত প্ৰদূষণৰ সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । এইক্ষেত্ৰত অসমো পিছপৰি থকা নাই । প্ৰদূষণৰ বিভিন্ন কাৰকৰ ভিতৰত অন্যতম এক কাৰক হৈছে ই-আৱৰ্জনা । ই-আৱৰ্জনাৰ প্ৰভাৱ আৰু ভয়াৱহতাৰ ওপৰত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰই ই টিভি ভাৰত অসমৰ আগত জনাইছে বহুকেইটা গুৰুত্বপূৰ্ণ কথা ।

Waste Management Conferences in Guwahati
গুৱাহাটীত ই-আৱৰ্জনা ব্যৱস্থাপনা সন্মিলন (ETV Bharat Assam)

গুৱাহাটী, ২৫ ছেপ্টেম্বৰ : বুধবাৰে হুলাডেক ৰিচাইক্লিং প্ৰাইভেট লিমিটেডৰ উদ্যোগত আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড, অসমৰ সহযোগত উত্তৰ-পূৰ্বাঞ্চলত গুৰুত্বপূৰ্ণ ই-আৱৰ্জনা প্ৰত্যাহ্বানৰ সৈতে সঠিকভাৱে মোকাবিলা কৰাৰ লক্ষ্যৰে গুৱাহাটীত ই-আৱৰ্জনা ব্যৱস্থাপনা সন্মিলন অনুষ্ঠিত হয় । এই সন্মিলনত ই-আৱৰ্জনা ব্যৱস্থাপনা আৰু পুনঃব্যৱহাৰৰ বিষয়ে আলোচনা কৰা হয় ।

আনহাতে, বৰ্তমান দেশত ই-আৱৰ্জনাই সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতি সন্দৰ্ভত ই টিভি ভাৰত অসমৰ প্ৰতিনিধিৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড, অসমৰ অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰই কয়, "দেশত কম্পিউটাৰ ছিষ্টেমে ৭০ শতাংশ ই-আৱৰ্জনা অৰ্থাৎ ইলেক্ট্ৰ'নিক আৱৰ্জনা সৃষ্টি কৰে ।"

ই-আৱৰ্জনাৰ ভয়াৱহতা সন্দৰ্ভত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ অধ্যক্ষৰ মন্তব্য (ETV Bharat Assam)

তেওঁ কয়, "মেডিকেল ছেক্টৰৰ পৰা ৮% আৰু অন্যান্য ই-সামগ্ৰীৰ পৰা ২০% ই-আৱৰ্জনাৰ সৃষ্টি হয় । কিন্তু ই-আৱৰ্জনা সম্পৰ্কে জনসাধাৰণ সজাগ নহয় বা সজাগতা কম । সেয়েহে প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ তৰফৰ পৰা চহৰ-নগৰত ই-আৱৰ্জনা সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে অনুষ্ঠানৰ আয়োজন কৰা হ'ব ।"

তেওঁ লগতে কয়, "ঘৰুৱা আৱৰ্জনা, নিৰ্মাণ সামগ্ৰীৰ আৱৰ্জনা, চহৰৰ আৱৰ্জনাৰ বিষয়ে সকলোৱে কৈ থাকে । কিন্তু ই-আৱৰ্জনাৰ বিষয়ে সজাগ নহয় । কাইলৈৰ পৰা প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ কাৰ্যালয়ৰ লগতে বিভিন্ন স্থানত ই-আৱৰ্জনা সংগ্ৰহৰ বাবে বাকচৰ ব্যৱস্থা কৰা হৈছে । ভাৰতৰ বিভিন্ন ৰাজ্যত ঘৰে ঘৰে বা বিদ্যালয়-মহাবিদ্যালয়ৰ পৰা এইসমূহ আৱৰ্জনা সংগ্ৰহ কৰে আৰু ৰিচাইক্লিং কৰা হয় ।" অৱশ্যে দেশত ই-আৱৰ্জনা ৰিচাইক্লিং ব্যৱস্থা কম বুলিও তেওঁ মন্তব্য কৰে ।

ইয়াৰ উপৰি তেওঁ কয়, "বিদ্যালয়-মহাবিদ্যালয়ত ব্যৱহাৰ কৰা কম্পিউটাৰ, প্ৰিণ্টাৰ, ঘৰুৱা বেটাৰী সামগ্ৰীৰ ভিতৰত বহু মূল্যৱান ধাতু সোমাই থাকে । সেই ধাতুবোৰ উলিয়াই পুনৰ ব্যৱহাৰযোগ্য কৰিব পাৰি । ই-আৱৰ্জনাৰ বিপজ্জনক কথা হৈছে ই মাটি-পানীত মিহলি হৈ ভয়ংকৰ প্ৰদূষণৰ সৃষ্টি কৰে ।"

ই-আৱৰ্জনাৰ প্ৰদূষণৰ ভয়াৱহতাৰ কথা উল্লেখ কৰি প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ অধ্যক্ষগৰাকীয়ে কয়, "এই প্ৰদূষণৰ প্ৰভাৱ লগে লগে দেখা নাযায়, লাহে লাহে দেখা যায় । পানী প্ৰদূষণ হ'লে জলজ প্ৰাণী, উদ্ভিদৰ মৃত্যুৰ লগতে সেই পানীৰ স্পৰ্শলৈ মানুহ আহিলে ছালৰ ৰোগৰ লগতে অন্যান্য ৰোগে দেখা দিয়ে ।"

উল্লেখ্য যে হুলাডেকৰ পৰিচালনা সঞ্চালক নন্দন মলে পৰিৱেশ অনুকূল সঠিক ব্যৱস্থাপনা পদ্ধতিৰ প্ৰতি প্ৰতিষ্ঠানটোৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে আৰু ট্ৰাষ্টমেট মেটেৰিয়েল এল এল পিৰ অংশীদাৰিত্বত গুৱাহাটীত এটা নতুন ৰিচাইক্লিং প্ৰকল্প স্থাপনৰ কথা ঘোষণা কৰে । ই-আৱৰ্জনা ব্যৱস্থাপনাৰ বৰ্তমানৰ স্থিতি, নতুন নিয়ম-বিধি মানি চলা আৰু আঞ্চলিক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বাবে হুলাডেকৰ পদক্ষেপসমূহৰ ওপৰত আলোচনাত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হয় ।

লগতে পঢ়ক :দিল্লীত আৰক্ষীৰ জালত পৰিল বিতৰ্কিত দুলাল বৰা, শীঘ্ৰে অনা হ’ব অসমলৈ - Debajit Hazarika Suicide Case
লগতে পঢ়ক :মন্ত্ৰী আৱাসৰ লাউঞ্জত মিটিং কৰিবলৈ আগৰে পৰাই বহি থাকে ভুৱা এ চি এছ বিষয়া - Assam BJP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.