ETV Bharat / state

ভাৰতৰ দ্বিতীয়টো সৰ্ববৃহৎ জগন্নাথ মন্দিৰ ক'ত আছে জানেনে ? - SECOND LARGEST JAGANNATH TEMPLE

পুৰীস্থিত জগন্নাথ মন্দিৰৰ আৰ্হিত দেশৰ বিভিন্ন ঠাইত নিৰ্মাণ কৰা হৈছে মহাপ্ৰভুৰ মন্দিৰ । এই বিষয়ে জানিবলৈ পঢ়ক...

Second Largest Jagannath Temple in Dibrugarh
ভাৰতৰ দ্বিতীয়টো সৰ্ববৃহৎ জগন্নাথ মন্দিৰ ক'ত আছে জানেনে ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 4, 2025, 10:23 PM IST

ডিব্ৰুগড়: ওড়িশাৰ পুৰীস্থিত জগন্নাথ মন্দিৰ সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু । প্ৰতিগৰাকী ব্য়ক্তিয়ে জীৱনত এবাৰ হ'লেও এই মন্দিৰটো দৰ্শনৰ বাবে সপোন পুহি ৰাখে । এই মন্দিৰটোৰ আৰ্হিত দেশৰ বিভিন্ন ঠাইত নিৰ্মাণ কৰা হৈছে জগন্নাথ মন্দিৰ । ভিন্ন কাৰণত ওড়িশাৰ পুৰীস্থিত জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ বহুতৰেই অসুবিধা হয় । সেয়েহে বহুতো লোকে বিভিন্ন ঠাইত এই মন্দিৰৰ আৰ্হিত নিৰ্মিত মহাপ্ৰভুৰ মন্দিৰ দৰ্শন কৰিয়েই নিজকে ধন্য় মানে ।

অসমতো আছে সাইলাখ এনে এটা মন্দিৰ । যদি ভক্তসকলৰ পুৰীলৈ যোৱাৰ সৌভাগ্য় হোৱা নাই তেতিয়াহ'লে আহক ডিব্ৰুগড়লৈ । পুৰীৰ জগন্নাথ মন্দিৰক আৰ্হি হিচাপে লৈ ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মাণ কৰা বিশাল জগন্নাথ মন্দিৰত ভিৰ বাঢ়িছে । অসমৰ লগতে বিভিন্ন ৰাজ্যৰ ভক্তই আহি নিতৌ দৰ্শন কৰে মন্দিৰটো । অসমৰ এগৰাকী প্ৰাক্তন ৰাজ্যপালৰ প্ৰচেষ্টাত ডিব্ৰুগড়ত নিৰ্মাণ হৈছিল ভাৰতৰ দ্বিতীয়টো সৰ্ববৃহৎ মহাপ্ৰভু জগন্নাথ মন্দিৰ ।

ভাৰতৰ দ্বিতীয়টো সৰ্ববৃহৎ জগন্নাথ মন্দিৰ ক'ত আছে জানেনে ? (ETV Bharat Assam)

তদানীন্তন কংগ্ৰেছ চৰকাৰৰ দিনত ২০০৯ চনৰ পৰা ২০১৪ লৈকে অসমৰ ৰাজ্যপালৰ দায়িত্ব পালন কৰা প্ৰয়াত জানকী বল্লভ পাটনায়কৰ ইচ্ছাৰ বাবে নিৰ্মাণ হৈছিল খনিকৰ বাইপাছত থকা জগন্নাথ মন্দিৰটো । ডিব্ৰুগড়-তিনিচুকীয়া বাইপাছৰ খনিকৰত ৮৫ ফুট উচ্চতাৰ মন্দিৰটো পুৰীত অৱস্থিত ভাৰতৰ মূল জগন্নাথ মন্দিৰৰ আৰ্হিত নিৰ্মিত দ্বিতীয়টো ডাঙৰ মন্দিৰ হিচাপে বিবেচিত হৈছে । ২০১৪ চনত ৬ ডিচেম্বৰত জানকী বল্লভ পাটনায়কে শুভ উদ্বোধন কৰা এই মন্দিৰটোত এতিয়া প্ৰতিদিনে হাজাৰ হাজাৰ ভক্তই পূজা-অৰ্চনা কৰে ।

কিয় ডিব্ৰুগড়ত জগন্নাথ মন্দিৰ নিৰ্মাণ কৰিলে :

অসমৰ প্ৰাক্তন ৰাজ্যপাল জানকী বল্লভ পাটনায়ক আছিল আধ্যাত্মিক জীৱন পৰিক্ৰমাৰে পৰিপুষ্ট ব্যক্তি । পুৰী চহৰত জন্ম লাভ কৰা জানকী বল্লভ পাটনায়কে জগন্নাথ মন্দিৰক মূল উপাসনাস্থলী হিচাপে গণ্য কৰিছিল । কংগ্ৰেছ চৰকাৰৰ দিনত ২০০৯ চনৰ পৰা ২০১৪লৈকে অসমৰ ৰাজ্যপালৰ দায়িত্ব পালন কৰা জানকী বল্লভ পাটনায়কে ডিব্ৰুগড় ভ্ৰমণলৈ আহোতে ডিব্ৰুগড়ৰ লাহোৱালত থকা সৰু জগন্নাথ মন্দিৰ এটা প্ৰত্যক্ষ কৰিছিল । এই মন্দিৰটো দেখি ৰাজ্যপালগৰাকীয়ে অনুভৱ কৰিছিল ডিব্ৰুগড়ৰ ৰাইজে জগন্নাথক পূজা-অৰ্চনা কৰে । সেয়ে ৰাইজৰ বাবে ডাঙৰ জগন্নাথ মন্দিৰ ডিব্ৰুগড়ত নিৰ্মাণ কৰিবলৈ মন মেলি সেই সময়ৰ ডিব্ৰুগড়ৰ সাংসদ,মন্ত্ৰী,বিধায়কৰ সৈতে আলোচনা কৰি মন্দিৰটো নিৰ্মাণৰ সিদ্ধান্ত লয় ।

কেনেকৈ নিৰ্মাণ কৰা হৈছিল জগন্নাথ মন্দিৰ :

এই মন্দিৰটো নিৰ্মাণ কৰা প্ৰসংগত মন্দিৰৰ এজন কৰ্মচাৰীয়ে কয়, "পুৰীৰ জগন্নাথ মন্দিৰক আৰ্হি হিচাপে লৈ ২০১২ চনৰ পৰা ডিব্ৰুগড়ত জগন্নাথ মন্দিৰ নিৰ্মাণ কৰা হৈছিল । ডিব্ৰুগড়-তিনিচুকীয়া বাইপাছ পথত নিৰ্মাণ হোৱা বাবে এই মন্দিৰ নিৰ্মাণৰ বাবে সময় লাগিছিল দুবছৰ । সেই সময়ৰ অসমৰ ৰাজ্যপালগৰাকীয়ে ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ আৰু লাহোৱালৰ বিধায়ক ৰাজহ মন্ত্ৰী পৃথ্বী মাঝিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল । "

তেওঁ পুনৰ কয়," জালান চাহ বাগিচাই পাঁচ বিঘা ভূমি দান কৰাত জগন্নাথ মন্দিৰৰ নিৰ্মাণকাৰ্যৰ বাবে শ্ৰীশ্ৰীজগন্নাথ সাংস্কৃতিক ন্যাস গঠন কৰি নিৰ্মাণকাৰ্য আৰম্ভ কৰা হয় ২০১২ চনৰ পৰা । উৰিষ্যাৰ ৪০ জন আৰু অসমৰ ৬০ জন শ্ৰমিক-কাৰিকৰে দিনে-নিশাই কাম কৰি দুবছৰত সম্পূৰ্ণ কৰিছিল জগন্নাথ মন্দিৰটো ।"

কি কি আছে ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰত:

এই কৰ্মচাৰীগৰাকীয়ে পুনৰ কয়, "শ্ৰীশ্ৰী জগন্নাথ সাংস্কৃতিক ন্যাসৰ উদ্যোগত নিৰ্মাণ সম্পূৰ্ণ হোৱা ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰটোত ২০১৪ চনত তিৰুপতি বালাজী মন্দিৰৰ পৰা অহা পুৰোহিতৰ উপস্থিতিত প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিল । জগন্নাথ মন্দিৰৰ চৌহদত মূল মন্দিৰৰ উপৰি বলভদ্ৰ, সুভদ্ৰা, শিৱ, গণেশ, হনুমান আৰু দেৱী মন্দিৰ আছে । সেইসমূহ মন্দিৰত প্ৰতিদিনেই হয় পূজা-অৰ্চনা ।" তেওঁ কয়," মন্দিৰৰ চাৰিওফালে থকা দেৱালত কৃষ্ণলীলাৰ দৃশ্য ভাস্কৰ্য ৰূপত উপস্থাপন কৰা হৈছে । এই দৃশ্যই আকৰ্ষিত কৰিছে ভক্তৰ লগতে পৰ্যটকক ।"

পৰ্যটনৰ কেন্দ্ৰস্থল হৈছে জগন্নাথ মন্দিৰ:

ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ দৰ্শন কৰাৰ লগতে ইয়াৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ইয়ালৈ প্ৰতিদিনে আগমন ঘটিছে দেশ-বিদেশৰ পৰ্যটকৰ । মন্দিৰৰ স্থাপত্য আৰু চৌপাশৰ সেউজীয়া পৰিৱেশে পৰ্যটকক অধিক আকৰ্ষণ কৰে । প্ৰতি বছৰে অনুষ্ঠিত ৰথযাত্ৰা, নবৱৰ্ষ আৰু উৎসৱৰ সময়ত মন্দিৰত ভক্তৰ অধিক ভিৰ হয় বুলি কয় কৰ্তৃপক্ষই ।

১০ কোটি ৭০ লাখ টকাৰে নিৰ্মিত এই জগন্নাথ মন্দিৰটো পৰিচালনা কৰে শ্ৰীশ্ৰী জগন্নাথ সাংস্কৃতিক ন্যাসে । ৫ জন পূজাৰীৰ লগতে কেইবাজনো শ্ৰমিক-কৰ্মচাৰীয়ে অতি সুন্দৰকৈ ভক্তসকলৰ বাবে পূজা-অৰ্চনাৰ সু-ব্যৱস্থা কৰিছে । জগন্নাথ মন্দিৰৰ কাষত গঢ় লৈ উঠিছে এখন বজাৰ । যাৰ ফলত ডিব্ৰুগড়ত জগন্নাথ মন্দিৰক কেন্দ্ৰ কৰি ডিব্ৰুগড়ৰ খনিকৰ হৈ পৰিছে বহুতৰ বাবে ব্যৱসায়ৰ কেন্দ্ৰস্থল ।

লগতে পঢ়ক: এজাক ঘৰচিৰিকাৰ কাকলিত আৰম্ভ হয় এইখন ঘৰৰ প্ৰতিটো পুৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.