লখিমপুৰ: লখিমপুৰৰ এগৰাকী বিশেষভাৱে সক্ষম সংগীত শিল্পীৰ জীৱন সংগ্ৰাম । শাৰীৰিক বাধাগ্ৰস্ততাক নেওচি মঞ্চই মঞ্চই তুলিছে সংগীতৰ লহৰ । লখিমপুৰৰ ন-খাগৰি গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান তেওঁ । তেওঁৰ নাম ৰাজ ৰহমান । নাওবৈচা মহাবিদ্যালয়ৰ পৰা স্নাতক হোৱাৰ লগতে তেওঁৰ আছে এবছৰীয়া কম্পিউটাৰৰ ডিপ্লমা । পিতৃ-মাতৃয়ে তেওঁক সৰুৰে পৰা কোলাই বোকোচাই অথবা চাইকেলত অনা নিয়া কৰিছিল শিক্ষানুষ্ঠানলৈ ।
তেওঁলোকৰ শ্ৰমৰ ফলত ৰাজে স্নাতক উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল । শৈক্ষিক দিশৰ সমানে তেওঁ সংগীতৰ জগতখনতো সাঁতুৰি নাদুৰি আছে । ৰাজ্যৰ বিভিন্ন মঞ্চই মঞ্চই তেওঁ সংগীতৰ লহৰ তুলি হেজাৰ হেজাৰ শ্ৰোতাৰ মন জয় কৰিছে । এইগৰাকী শিল্পী ৰাজ ৰহমানৰ জীৱন সংগ্ৰাম বৰ দুখজনক । পিতৃয়ে তেওঁৰ সংগীতৰ প্ৰতি আগ্ৰহ দেখি হাজিৰা কৰি পোৱা কেইটামান টকাৰে এটা ডেক কিনি দিছিল ।
সেই কণমানি ডেকটোতে গান শুনি ৰাজে সংগীত সাধনা আৰম্ভ কৰে । পৰৱৰ্তী সময়ত তেওঁক এইক্ষেত্ৰত কেইবাজনেও সহায় কৰে । যাৰ বাবে ৰাজ এতিয়া এজন প্ৰতিষ্ঠিত কন্ঠশিল্পী । তেওঁৰ গীত শুনিবলৈ হেজাৰ শ্ৰোতাই অপেক্ষা কৰি থাকে । ৰাজৰ গীতৰ লহৰত সহস্রজনে নাচি বাগি উন্মনা হয় । পিচে সংগীতৰ জগতখনত ডুব গৈ থকা ৰাজৰ বৰ অভাৱ । সংগীত সাধনা কৰি জীৱন কটাবলৈ ৰাজক এটি সংস্থাপন লাগে । দৰিদ্ৰ পৰিয়ালৰ সন্তান ৰাজে এই আশাৰে মুখ্যমন্ত্রীলৈ আহ্বান জনাইছে ।
কেৱল তেওঁৰ বাবেই নহয় । ৰাজ্যৰ বিশেষভাৱে সক্ষম সকলোৰে বাবে সংস্থাপনৰ ব্যবস্থা কৰিবলৈও তেওঁ মুখ্যমন্ত্রীৰ প্ৰতি আহ্বান জনায় । তেওঁ বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰাৰ লগতে মানস ৰবীন, মন্টুমণি আদিৰ সৈতেও গীত পৰিবেশন কৰিছে ।
জুবিন গাৰ্গৰ সৈতে এবাৰ গীত পৰিৱেশন কৰিবলৈ প্ৰচণ্ড আগ্ৰহ আছে ৰাজৰ । এই সন্দৰ্ভত বিশেষভাৱে সক্ষম কণ্ঠশিল্পীগৰাকীয়ে কয়, "মই ২০০৮ চনত মানস ৰবীনৰ লগত প্ৰগ্ৰেম কৰিছিলো, ৪ বছৰ মান পূৰ্বে মণ্টুমণিৰ লগত গীত পৰিৱেশন কৰিছিলো । মই জুবিন দাৰ গীত গাই খুব বেছি ভালপাও । জুবিন দা আমাৰ হিয়াৰ আমঠু । জুবিন দাৰ লগত এটা গীত গাব পাৰিলে মনৰ আশাটো পূৰণ হ'লহেতেন ।"
এইগৰাকী লখিমপুৰৰ বিশেষভাৱে সক্ষম শিল্পী ৰাজ ৰহমানে এতিয়া এটি সংস্থাপন লৈ, সংগীতৰ জগতত ওৰে জীৱন সাতুৰি নাদুৰি ফুৰাৰ আশাত বন্দী । তেওঁৰ এনে আশা পুৰণৰ বাবে চৰকাৰে ব্যবস্থা গ্রহণ কৰাৰ বাবে তেওঁৰ অনুৰাগী সকলেও চৰকাৰক আহ্বান জনাইছে ।