বিদেশ ভ্ৰমি ফুৰিবলৈ সময় পোৱা প্ৰধানমন্ত্ৰীৰ মণিপুৰলৈ আহিবলৈ সময় নাই কিয় ? - RIPUN BORA CRITICIZED PM MODI
Published : Nov 19, 2024, 3:16 PM IST
|Updated : Nov 19, 2024, 4:47 PM IST
হায়দৰাবাদ: প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে যদি ভাবিছে যে দিল্লীত বহি থাকিয়েই মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিব তেন্তে সেয়া তেওঁলোকৰ ভুল ধাৰণা ৷ এই মন্তব্য জ্যেষ্ঠ কংগ্ৰেছ নেতা, প্ৰাক্তন সাংসদ ৰিপুণ বৰাৰ ৷
অগ্নিকুণ্ডত পৰিণত হোৱা মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মঙলবাৰে বৰাই কয় যে যিগৰাকী প্ৰধানমন্ত্ৰীয়ে ইটোৰ পিছত সিটোকৈ ব্যয়বহুল বিদেশ যাত্ৰাৰ বাবে সময় উলিয়াব পাৰে, সেইগৰাকী প্ৰধানমন্ত্ৰীয়ে মণিপুৰলৈ আহিবলৈ কেইটামান ঘণ্টা ব্যয় কৰিব নোৱৰাটো অতি দুৰ্ভাগ্যজনক কথা ৷
মণিপুৰ কি ভাৰতৰ অংগ নহয় নেকি বুলি প্ৰশ্ন কৰি বৰাই প্ৰধানমন্ত্ৰীৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী তথা "নেডা"ৰ নেতা ড° হিমন্তবিশ্ব শৰ্মাকো তীক্ষ্ণ সমালোচনা কৰে ৷ ড৹ শৰ্মাৰ প্ৰতি বৰাৰ তীৰ্যক মন্তব্য- "আপুনি দাবী কৰে যে 'নেডা'ৰ আপুনি মুখ্য নেতা ৷ তেন্তে আপুনি এবাৰ মণিপুৰৰ অৱস্থাৰ বুজ ল'বলৈ যাব পৰা নাই কিয় ? নে কেৱল বিধায়ক কিনি উত্তৰ-পূবৰ চৰকাৰসমূহ ভঙা-পতা কৰি থকাটোৱেই আপোনাৰ মূল কাম ?"
ভাৰতৰ ভিতৰৰে এখন ৰাজ্য মণিপুৰ যোৱা ডেৰটা বছৰে অস্থিৰ হৈ আছে ৷ দুটা গোষ্ঠীৰ মাজত সৃষ্টি হোৱা হিংসাৰ জুয়ে ৰাজ্যখন শেষ কৰি পেলাইছে, তৎস্বত্বেও কেন্দ্ৰীয় চৰকাৰৰ গা নলৰা কাৰ্যক ধিক্কাৰ দিয়ে ৰিপুণ বৰাই ৷
লগতে পঢ়ক: মণিপুৰলৈ আহি আছে চি এ পি এফৰ ৫০ টা অতিৰিক্ত কোম্পানী: কেন্দ্ৰই ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত