অসম

assam

ETV Bharat / videos

জুলাই-আগষ্টত পথ মেৰামতি কৰিলে ঠিকাদাৰহে ধনী হ’ব : মুখ্যমন্ত্ৰী ড৹ শৰ্মা - Road condition in Silchar - ROAD CONDITION IN SILCHAR

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 3:39 PM IST

শিলচৰ, ২৩ আগষ্ট : ‘‘জুলাই আৰু আগষ্ট মাহত পথ মেৰামতি কৰিলে ঠিকাদাৰহে ধনী হ’ব ৷‘‘- শিলচৰ চহৰৰ বিধ্বস্ত পথ সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

উল্লেখ্য যে দীৰ্ঘদিনধৰি বিধ্বস্ত হৈ আছে শিলচৰ চহৰৰ প্ৰায় সকলো পথ৷ বিধ্বস্ত পথৰ বাবে যমৰ যাতনা ভুগি আহিছে শিলচৰ চহৰৰ ৰাইজে ৷ ৰাজপথত থকা প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ ফলত প্ৰতিদিনেই সংঘটিত হৈ আহিছে দুৰ্ঘটনা ৷ বিশেষকৈ চহৰখনৰ কেন্দ্ৰস্থলৰ পৰা শিলচৰ মেডিকেল কলেজলৈকে পথৰ অৱস্থা ইমানেই ভয়াৱহ যে পথছোৱাত যাতায়ত কৰাটো অত্যন্ত বিপজ্জনক হৈ পৰিছে ৷

শিলচৰৰ এইসমূহ পথৰ মেৰামতিৰ বাবে ৰাইজে বহু আন্দোলন ইতিমধ্য কৰিছে যদিও গুৰুত্ব দিয়া নাই চৰকাৰে ৷ বৃহস্পতিবাৰে শিলচৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চহৰখন বাট-পথৰ এই দুৰৱস্থা কিয় হৈছে তাৰ এক যুক্তি দাঙি ধৰিলে সংবাদ মাধ্যমৰ সম্মুখত ৷

মুখ্যমন্ত্ৰীৰ মতে, ‘‘পথটো আগন্তুক দুই-তিনিমাহৰ ভিতৰত ঠিক হৈ যাব ৷ বানৰ সময়ত গাঁত বন্ধ কৰি লাভ নাই ৷ ঠিকাদাৰক এনেই টকা দি কি লাভ আছে ? গুৱাহাটীতো ৰাস্তাত এতিয়া গাঁত হৈ আছে, কিন্তু মই এতিয়া সেই গাঁতসমূহ মৰা নাই, পূজাৰ আগত মাৰি দিম ৷ আমি বুজিব লাগিব যে, আমাক ৰাস্তা লাগে নে ঠিকাদাৰক ধনী কৰিব লাগে ? জুলাই-আগষ্টত গাঁত মাৰিলে আওপকীয়াকৈ ঠিকাদাৰকে টকা দিয়া হ’ব ৷’’

লগতে পঢ়ক : কলিয়াবৰত ৰাষ্ট্ৰীয় ঘাইপথে জলা-কলা খুৱাইছে উজনিমুৱা পথচাৰীক

ABOUT THE AUTHOR

...view details