বিহালীত বনকৰ্মী-চোৰাং চিকাৰীৰ সংঘৰ্ষ: এয়াৰ গানসহ বিভিন্ন সামগ্ৰী জব্দ - BEHALI RESERVE FOREST
Published : Nov 4, 2024, 7:49 AM IST
বিশ্বনাথ: বিহালী সংৰক্ষিত বনাঞ্চলৰ ডিকাল ৰেঞ্জৰ সমীপত দেওবাৰে সংঘটিত হয় প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা ৷ বিহালী বৰগাং বনাঞ্চল কাৰ্যালয়ৰ অধীনৰ ডিকাল বন শিবিৰৰ তত্বাৱধায়ক ৰতন দাসৰ নেতৃত্বত বনকৰ্মীৰ এটা দলে টহল দি থকা সময়তে বনাঞ্চলৰ ভিতৰত দুই চোৰাং চিকাৰীৰ সন্দেহজনক গতিবিধি লক্ষ্য কৰে ।
বনকৰ্মীয়ে ৰ'বলৈ কয় যদিও চোৰাং চিকাৰীকেইটাই পলায়নৰ চেষ্টা কৰে । কেৱল সেয়াই নহয় চোৰাং চিকাৰীকেইটাই বনকৰ্মীৰ দলটোক লক্ষ্য কৰি গুলীচালনাও কৰে । ইয়াৰ প্ৰত্যুত্তৰত বনকৰ্মীৰ দলটোৱেও চোৰাং চিকাৰীক লক্ষ্য কৰি গুলীচালনা কৰে । অৱশ্যে পৰৱৰ্তী সময়ত চোৰাং চিকাৰীকেইটা ঘন জংঘলৰ মাজেৰে পলায়ন কৰিবলৈ সক্ষম হয় । পাছত বনকৰ্মীৰ দলটোৱে ঘটনাস্থলীৰ পৰা এটা এয়াৰ গান, এয়াৰ পাম্প, টৰ্চ লাইট আৰু এযোৰ এয়াৰ কেম'প্লেজ ইউনিফৰ্ম উদ্ধাৰ কৰে । এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি বন বিভাগে জনাইছে ।
লগতে পঢ়ক :মাজুলী এৰিব বিচৰা নাই 'দেহা'ই !