জনজাতিকৰণৰ দাবীত চুতীয়া যুৱ সন্মিলনৰ প্ৰতিবাদ
Published : 4 hours ago
যোৰহাট: আকৌ প্ৰতিবাদ ৷ ছয় জনগোষ্ঠীৰ লগতে ভূমিপুত্ৰ চুতীয়াসকলক জনজাতিৰ স্বীকৃতি আৰু স্বায়ত্ত শাসনৰ দাবীত মঙলবাৰে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদত বহিল চুতীয়া যুৱ সন্মিলন ৷ যোৰহাট আৰু তিতাবৰ জিলা সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷
উল্লেখ্য যে, ছয় জনগোষ্ঠীৰ লগতে চুতীয়াক জনজাতিকৰণৰ দাবীত দীৰ্ঘদিন ধৰি বিভিন্ন দল-সংগঠনে ইতিমধ্যে চৰকাৰে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰা জনজাতিকৰণৰ প্ৰতিশ্ৰুতি শীঘ্ৰে ৰূপায়ণ কৰিবলৈ দাবী জনাই আহিছিল ৷ কিন্তু কোনো এখন চৰকাৰে ১০ বছৰে কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰাৰ প্ৰতিবাদত আজি পুনৰ প্ৰতিবাদত উত্তাল হৈ পৰিল যোৰহাট ।
এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা শতাধিক প্ৰতিবাদকাৰীয়ে বিভিন্ন শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । লগতে ২০২৬ ৰ নিৰ্বাচনৰে পূৰ্বে চুতীয়া জাতিক জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ইয়াৰ ফল বিজেপি চৰকাৰখনে ভোগ কৰিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷