অসম

assam

ETV Bharat / videos

বানাক্ৰান্তৰ খবৰ ল'বলৈ বৰাকত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 9:26 PM IST

শিলচৰ, ৮ জুলাই : ৰাজ্যৰ বান পৰিস্থিতিৰ বৰ্তমানো উন্নয়ন ঘটা নাই । উজনিৰ পৰা নামনি তথা বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈকে ২৮ খন জিলা বানৰ কবলত । এই জিলাকেইখনৰ ৩ হাজাৰোধিক গাঁও এতিয়া বানত ককবকাই আছে । ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৩ লাখ লোক, বিস্তীৰ্ণ কৃষিভূমি আৰু পশুধন ।

একেদৰে বৰাক উপত্যকাৰ বান পৰিস্থিতিৰো বিশেষ এটা উন্নয়ন ঘটা নাই । তাৰ মাজতে বৰাকৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে সোমবাৰে বৰাকত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা ৷ বৰাকৰ তিনিখন জিলা ক্ৰমে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ বান পৰিস্থিতিৰ লগতে বানাক্ৰান্তৰ বিভিন্ন সমস্যাৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থানলাভৰ পিচত প্ৰথমবাৰৰ বাবে শিলচৰত উপস্থিত হৈ তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বান পৰিস্থিতিৰ ক্ষেত্ৰত অহৰ্নিশে কাম কৰি আছে আৰু বানাক্ৰান্তক সকাহ দিবৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই আছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে তেওঁ বৰাকলৈ অহা বুলিও লগতে কয় । তেওঁৰ এই ভ্ৰমণকালত বৰাকৰ বিভিন্ন স্থানলৈ গৈ বান পৰিস্থিতিৰ লগতে বানাক্ৰান্তসকলৰ সমস্যাৰ বুজ ল'ব বুলি তেওঁ জনায় ।

ইফালে বানৰ সময়তো কংগ্ৰেছে ৰাজনীতি কৰা বুলি লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী, সাংসদ গৌৰৱ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তীব্ৰ সমালোচনা কৰে কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই ।

লগতে পঢ়ক :শিলচৰ বিমানবন্দৰ পৰা পোনে পোনে জিৰিবামলৈ ৰাওনা ৰাহুল গান্ধী; ৰাহুলৰ ভ্ৰমণৰ পূৰ্বে জিৰিবামত গুলীয়াগুলী - Rahul Gandhi’s Visit To Manipur
লগতে পঢ়ক :ৰাজ্যত বানৰ ফলত ক্ষতিগ্ৰস্ত কৃষকে কিয় নাপায় উচিত ক্ষতিপূৰণ ? - Assam Flood 2024

ABOUT THE AUTHOR

...view details