অসম

assam

বিজেপিত একো পদবীয়েই স্থায়ী নহয় : সিদ্ধাংকু অংকুৰ বৰুৱা - Bharatiya Janata Yuva Morcha

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 10:25 PM IST

যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা (ETV Bharat Assam)

যোৰহাট, 12 জুলাই : ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাক অব্যাহতি দি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আশিসধন্য লোকক যুৱ মৰ্চাৰ সভাপতি পদত অধিষ্ঠিত কৰাৰ সৰৱ চৰ্চা চলি থকাৰ মাজতেই বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই।

শুকুৰবাৰে টীয়ক সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ বানাক্ৰান্তক সাহাৰ্য প্ৰদান কৰি তেওঁ কয় যে বিজেপিত কোনো পদবীয়েই স্থায়ী নহয় । পদবী পৰিৱৰ্তন এটা স্বাভাৱিক প্ৰক্ৰিয়া আৰু যুৱ মৰ্চাৰ সভাপতি সলনি বিষয়ক লৈ বৰ্তমানলৈকে বিজেপিৰ কোনো জ্যেষ্ঠ নেতা আৰু শীৰ্ষ কৰ্তৃপক্ষই তেওঁক অৱগত কৰোৱা নাই ৷  

দলে যি দায়িত্ব দিয়ে সেয়া নিষ্ঠা সহকাৰে পালন কৰি যাব বুলি মন্তব্য কৰে সিদ্ধাংকু অংকুৰ বৰুৱাই ৷ বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি পদৰ নিৰ্বাচনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক সামৰা বিষয়ত আপত্তি দৰ্শাই সভাপতি বৰুৱাই কয় যে সংঘই কেতিয়াও দলৰ সাংগঠনিক আৰু ৰাজনৈতিক বিষয়ত হস্তক্ষেপ কৰা নাই ৷

স্বয়ংসেৱক সংঘ ৰাষ্ট্ৰ নিৰ্মাণত জড়িত বুলি উল্লেখ কৰি তেওঁলোকে সকলো ত্যাগ কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে কাম কৰি আহিছে বুলি সিদ্ধাংকু অংকুৰ বৰুৱাই মন্তব্য কৰে ৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক ৰাজনৈতিক বিষয়ৰ লগত সাঙোৰা কাৰ্যক নিন্দা কৰে বৰুৱাই ।

লগতে পঢ়ক : বিদায় বিজেপি ! বিধায়কৰ পৰা বিদ্ৰোহী বিধায়কৰ পুত্ৰলৈ...

ABOUT THE AUTHOR

...view details