কংগ্ৰেছ নেতা ৰাহুল গান্ধীক উপলুঙা ভবেশ কলিতাৰ - চাই পে চর্চা
Published : Feb 13, 2024, 9:11 PM IST
মাজুলী, 13 ফেব্ৰুৱাৰী : দুদিনীয়া কাৰ্যসূচীৰে মঙলবাৰে মাজুলীলৈ আহে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি ভবেশ কলিতা । ৰাজ্যিক বিজেপি সভাপতি ভবেশ কলিতাই দিনৰ ভাগত গড়মূৰৰ এখন বিশাল সভাত অংশগ্ৰহণ কৰে । সন্ধিয়াৰ ভাগত ৰাৱনাপাৰত চাই পে চর্চা (chai pe charcha) কাৰ্যসূচীত অংশগ্ৰহণ কৰে ভবেশ কলিতাই । এই অনুষ্ঠানতে বিভিন্নজনৰ লগত মত বিনিময় কৰে সভাপতি গৰাকীয়ে । ইফালে ১৭ ফেব্ৰুৱাৰী পৰা গুৱাহাটীত কা আন্দোলন অনুষ্ঠিত হোৱা সম্পৰ্কে ভবেশ কলিতাই কয় যে হীৰেন গোঁহাইৰ কথা কোনে শুনিব ৷
কংগ্ৰেছে অসমখন পিচুৱাই নিলে আৰু এতিয়া ৰাইজে উন্নয়নৰ কথা চিন্তা কৰে কাৰণে কাৰ কি এজেণ্ডা বুজি পাইছে বুলি কংগ্ৰেছক সমালোচনা কৰে কলিতাই । অসমত কংগ্ৰেছৰ চাঙে চাঙে কাৰ্যসূচী, ভাৰত জোড়ো ন্যায় যাত্ৰা কংগ্ৰেছৰ বাবে লাভদায়ক নহয় বুলি কয় তেওঁ ৷ ৰাহুল গান্ধী য’তেই গৈছে তাতেই কংগ্ৰেছৰ খহনীয়া আৰম্ভ হৈছে বুলি ৰাহুল গান্ধীক কটাক্ষ কৰে ভবেশ কলিতাই ৷ আজি মাজুলীত বহু সংখ্যক কংগ্ৰেছ কর্মীয়ে বিজেপিত যোগদান কৰে । মুদৈ গাঁৱত বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে দক্ষিণ পূব মণ্ডলৰ সভাপতিৰ গৃহত আজি নিশাটো কটাব ।
লগতে পঢ়ক : মাজুলীত বিজেপিৰ বিশাল গণ সমাৱেশ