অসম

assam

বৰঝাৰ বিমান বন্দৰত পবিত্ৰ মাৰ্ঘেৰিটাক উষ্ম আদৰণি বিজেপি নেতা-কৰ্মীৰ - Union Minister Pabitra Margherita

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 1:48 PM IST

পবিত্ৰ মাৰ্ঘেৰিটাক উষ্ম আদৰণি বিজেপি নেতা-কৰ্মীৰ (ETV Bharat Assam)

মিৰ্জা, ২২ জুন : কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰিত্ব লাভ কৰাৰ পাচত প্ৰথমবাৰৰ বাবে গুৱাহাটীত উপস্থিত হয় পবিত্ৰ মাৰ্ঘেৰিটা । দিল্লীৰ পৰা বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাত কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাক আদৰণি জনাই বিজেপি নেতা-কৰ্মীয়ে । সংবাদ মাধ্যমৰ জৰিয়তে সমূহ অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে মাৰ্ঘেৰিটাই ।

তেওঁ কয়, "অসম তথা দেশমাতৃৰ বাবে মই মোৰ দায়িত্ব সততাৰে পালন কৰি যাম । মানুহে মোক কথাৰে নহয় কামেৰে চিনি পাব । মন্ত্ৰিত্ব লাভ কৰি ইমানেই ভাল লাগিছে যিমান জ্যোতি চিত্ৰবনৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰাৰ সময়ত অনুভৱ কৰিছিলো ।"

লগতে নিজৰ দপ্তৰৰ জৰিয়তে অসমৰ বস্ত্ৰশিল্পক অনন্য মাত্ৰা প্ৰদান কৰাৰ কথা উল্লেখ কৰে পবিত্ৰ মাৰ্ঘেৰিটাই । অনাগত দিনতো অসমবাসীৰ সহায়-সহযোগিতা কামনা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । 

লগতে পঢ়ক: দিল্লীত মন্ত্ৰিত্বৰ কাৰ্যভাৰ গ্ৰহণ কৰিলে সোণোৱাল-মাৰ্ঘেৰিটাই - Modi Cabinet

লক্ষ্য ২০২৬ চনৰ নিৰ্বাচন ! মাৰ্ঘেৰিটাৰ মন্ত্ৰিত্ব, তেলীক সভাপতি পতাৰ সমীকৰণ - Assam CM Himanta Biswa Sarma

ABOUT THE AUTHOR

...view details