অসম

assam

ETV Bharat / videos

দলীয় নেতৃত্বক কৃতজ্ঞতা নীহাৰ ৰঞ্জন দাসৰ: বেজাৰতে বিজেপি এৰিলে অমিয়কান্তিয়ে

By ETV Bharat Assamese Team

Published : 5 hours ago

শিলচৰ: ধলাই সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছত দলটোৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে নীহাৰ ৰঞ্জন দাসে ৷ বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পাছতেই ই টিভি ভাৰতৰ আগত প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰে নীহাৰ ৰঞ্জন দাসে । বি জে পি এছ চি বোর্ডৰ চেয়াৰমেন নীহাৰ ৰঞ্জন দাসে কয়, “2000 চনৰ পৰা মই বিজেপি দলৰ বাবে সেৱা আগবঢ়াই আহিছো । বিগত দিনবোৰত মই দলে অৰ্পণ কৰা বিভিন্ন দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰি আহিছো ৷” তেওঁ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা, সাংসদ পৰিমল শুক্লাবৈদ্যৰ লগতে বিজেপি জিলা স্তৰৰ সকলো কর্মকর্তাক ধন্যবাদ জনায় ।

ইপিনে, বিজেপিৰ প্ৰাৰ্থিত্ব ঘোষণাৰ পাছত দল ত্যাগ কৰিলে কাছাৰ জিলা বিজেপিৰ উপ-সভাপতি অমিয়কান্তি দাসে । নিজা ফেচবুকত পদত্যাগ পত্ৰ আপলোড কৰি এই কথা জনালে অমিয়কান্তি দাসে । উল্লেখ যে, অমিয়কান্তি দাস উপ-নিৰ্বাচনৰ ধলাই সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল । দলীয় টিকট নাপাই দল ত্যাগ কৰে তেওঁ । উপ-সভাপতিৰ পদসহ দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ ঘোষণা কৰিলে অমিয়কান্তি দাসে ।

লগতে পঢ়ক: উপ-নিৰ্বাচন: তিনি সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণাৰ বিজেপিৰ

ABOUT THE AUTHOR

...view details