অসম

assam

ETV Bharat / videos

ড৹ ভূপেন হাজৰিকা মুকলি মঞ্চ এতিয়া সাপ-বেঙৰ বসতিস্থল ! - BHUPEN HAZARIKA DEATH ANNIVERSARY

By ETV Bharat Assamese Team

Published : Nov 5, 2024, 6:16 PM IST

টীয়ক: আজি বিশ্ব বিশ্ৰুত শিল্পী ড৹ ভুপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবাৰ্ষিকী । মহাপ্ৰয়াণৰ দিনটোত সকলোৱে মনত পেলাইছে বিশ্ব বৰেণ্য শিল্পীগৰাকীক । চৰকাৰীভাৱেও বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আজিৰ এই বিশেষ দিনটোত । কিন্তু প্ৰকৃততে কিমান দায়বদ্ধতাৰে চৰকাৰে সন্মান জনাইছে সেয়া এতিয়া সন্দেহৰ আৱৰ্তত । ২০১৪ চনত প্ৰয়াত তৰুণ গগৈ নেতৃত্বাধীন ৰাজ্য চৰকাৰে বৰেণ্য শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰিবলৈ প্ৰতিটো উন্নয়ন খণ্ডত ১০ লাখকৈ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল ড৹ ভূপেন হাজৰিকা মুকলি মঞ্চ ।  

পূৰ্বে টীয়ক আৰু বৰ্তমানে মৰিয়নী সমষ্টিৰ কলীয়াপানী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ গাতে লাগি থকা এইখন মঞ্চ এতিয়া পৰিণত হ'ল এৰাবাৰীত, সাপ-বেঙৰ বসতিস্থল । এতিয়া প্ৰশ্ন হয় এখন চৰকাৰে কৰি থৈ যোৱা যিকোনো এটা আঁচনি পাছৰখন চৰকাৰে উন্নয়ন ঘটোৱাটো দায়িত্ব নহয় নেকি ? বিশেষকৈ যি সময়ত আজিৰ দিনটোত সমগ্ৰ ৰাজ্যবাসীকে ধৰি চৰকাৰ প্ৰশাসনে বিশ্ব বিশ্ৰুত শিল্পীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিবলৈ নানা ব্যৱস্থা কৰিছে তেনে সময়তে এইদৰে তেওঁৰ নামত গঢ়া আঁচনিৰ পৰিত্যক্ত অৱস্থাই সমগ্ৰ অঞ্চলবাসীক আচৰিত কৰি তুলিছে । 

লগতে পঢ়ক: ত্ৰয়োদশ মৃত্যু দিনত সুধাকণ্ঠক স্মৰণ অসমীয়াৰ; সন্ধিয়া দীঘলীপুখুৰীৰ পাৰত জ্বলিব ১০ হাজাৰ বন্তি

এযোৰ চশমাৰ বাবে সুধাকণ্ঠৰ কুঠৰীৰ আপোন ঘৰত সৃষ্টি হোৱা এক অপ্ৰকাশিত কাহিনী

ABOUT THE AUTHOR

...view details