লোকসভা নিৰ্বাচনত ৰাজ্যৰ ৩ সমষ্টিক লৈ হাত দাঙিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই - assam cm on loksabha election
Published : Mar 12, 2024, 9:55 PM IST
ডিব্ৰুগড়, 12 মাৰ্চ : লোকসভা নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে শাসক-বিৰোধী সকলো ৰাজনৈতিক দলৰে মাজত । ৰাজ্যত অধিক শক্তিশালী ৰূপত থকা শাসক দল বিজেপিয়ে ১১ টা লোকসভাত আসন লাভ কৰাৰ দাবী উত্থাপন কৰি সমষ্টিয়ে সমষ্টিয়ে দলীয় সভা, যোগদান কাৰ্যসূচীৰ আৰম্ভ কৰিছে । কিন্তু ইয়াৰ মাজতে মঙলবাৰে চৰাইদেউত বিকাশ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনক লৈ অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে লোকসভা নিৰ্বাচনত ধুবুৰী, কৰিমগঞ্জ আৰু নগাঁৱত বিজেপি প্ৰত্যাহ্বানৰ সম্মুখীন হ'ব । বাকী ১১ খন আসনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব । এই তিনিখন আসনত কংগ্ৰেছ জয় হ'ব নে AUDF য়ে জয় লাভ কৰিব সময়ত হে ক'ব পৰা যাব । আনহাতে বহাগ বিহুৰ আগতে অসমত লোকসভা নিৰ্বাচন হৈ যাব বুলিও চৰাইদেউ জিলাৰ মাহমৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে ।
লগতে পঢ়ক : ‘কা’ বিৰোধী আন্দোলনৰ প্ৰাসংগিকতা নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ