ডিফু ভ্ৰমণ বিধানসভাৰ ষ্টেণ্ডিং কমিটী অৱ্ ডেভেলপমেণ্টৰ - গোবিন্দ বসুমতাৰী
Published : Feb 28, 2024, 9:57 PM IST
ডিফু, ২৮ ফেব্ৰুৱাৰী : অসম বিধানসভাৰ ষ্টেণ্ডিং কমিটী অৱ্ ডেভলপমেণ্টয়ে বুধবাৰে ডিফুত অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ পানী, হালধি, আদা, মিঠাতেল, চৰৱত আদি প্ৰস্তুত কৰা প্ৰকল্প পৰিদৰ্শন কৰে ৷ বিধায়কৰ দলটোৱে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কামৰ প্ৰকল্পসমূহৰ বিষয়ে বিষয়াসকলৰ লগত আলোচনা কৰি প্ৰকল্পসমূহৰ কামৰ বুজ লয় ৷
সমিতিখনৰ অধ্যক্ষ বিধায়ক গোবিন্দ বসুমতাৰীয়ে অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ প্ৰকল্প পৰিদৰ্শন কৰি সন্তোষ প্ৰকাশ কৰে ৷ ৰাজ্যখনৰ কেৱল কাৰ্বি আংলং জিলাতে এনে চৰকাৰী উৎপাদনশীল প্ৰকল্প ভালদৰে চলি আছে বুলি কৈ তেওঁ প্ৰকল্পসমূহৰ বাবে আৰু কিছু চৰকাৰী সাহাৰ্যৰ প্ৰয়োজন আছে বুলি তেওঁ কয় ৷ সমিতিয়ে এই সন্দৰ্ভত অনুমোদন দিব বুলি মন্তব্য কৰি কয় যে ষষ্ঠ অনুসুচীৰ অধীনৰ এই জিলা দুখনৰ উন্নয়নমূলক কামসমূহ স্বায়ত্ত্বশাসিত পৰিষদে চোৱাচিতা কৰে ৷
লগতে পঢ়ক : প্রার্থী বাচনি সন্দৰ্ভত দলীয় আলোচনাত বহিল মন্ত্ৰী ৰণোজ পেগু