ন্যায্য প্ৰাপ্তিৰ দাবীত মাকুমত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাৰ প্ৰতিবাদ - Protest in Makum
Published : Feb 15, 2024, 6:10 PM IST
তিনিচুকীয়া, ১৫ ফেব্ৰুৱাৰী : "কেৱল চেন্টাৰ বন্ধ কৰিয়েই, প্ৰয়োজনত আমি ইয়াতকৈ জংগী আন্দোলন কৰিম ৷ লাগিলে ৰাস্তাত পৰি দিম, ৰাস্তা বন্ধ কৰি দিম ৷ তেতিয়া সেই পৰিৱেশৰ দায়ী আমি নহয়, চৰকাৰ হ’ব ৷’’ তিনিচুকীয়াত এয়া অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ভাষ্য ৷
ন্যায্যপ্ৰাপ্তিৰ দাবীত আজি (বৃহস্পতিবাৰ) মাকুমত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ হাপজান প্ৰকল্প কমিটিয়ে সাব্যস্ত কৰে এক প্ৰতিবাদ ৷ সঞ্চালকালয়ৰ প্ৰস্তাৱ মতে, মাননি বৃদ্ধি কাৰ্যকৰীকৰণৰ দাবীত আজিৰে পৰা অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই সাব্যস্ত কৰে ধাৰাবাহিক অসহযোগ কাৰ্যসূচী ৷ মহিলা সৱলীকৰণৰ কথা কোৱা চৰকাৰখনে এই মহিলাসকলৰ কথা চিন্তা নকৰে বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ৷
লগতে প্ৰতিবাদকাৰী অংগনবাড়ী কৰ্মীসকলে কয়, ‘‘এগৰাকী মহিলা হৈ মন্ত্ৰী অজন্তা নেওগে মহিলাৰ কথা বুজি পোৱা উচিত ৷ আমাৰো সন্তান আছে ৷ আমাৰ সন্তানকো ভাল বিদ্যালয়-মহাবিদ্যালয়ত পঢ়ুৱাবলৈ মন যায় ৷ এই কথা মন্ত্ৰী অজন্তা নেওগে বুজি পোৱা উচিত’’ ৷
লগতে পঢ়ক : বিটিআৰত ৫৩১ গৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাক নিযুক্তি পত্ৰ বিতৰণ