অসম

assam

ETV Bharat / videos

আপেল বগৰীৰ খেতি কৰি লক্ষাধিক টকা উপাৰ্জন এগৰাকী প্ৰাক্তন সৈনিকৰ

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 6:19 PM IST

ধেমাজি, 29 ফেব্ৰুৱাৰী : এগৰাকী অৱসৰপ্ৰাপ্ত গাঁৱলীয়া সৈনিকে উন্নত জাতৰ বগৰী খেতি কৰি দাঙি ধৰিছে কৰ্ম-সংস্কৃতিৰ অনন্য নিৰ্দশন ৷ ধেমাজি জিলাৰ মাছখোৱা দেউঘৰীয়া গাৱঁৰ নিৱাসী তথা অৱসৰপ্ৰাপ্ত সৈনিক মহানন্দ বৰগোহাঁইয়ে মাত্ৰ দুবিঘা মাটিত ৩৪০ জোপা আপেল বগৰীৰ পুলি ৰোপণ কৰিয়ে এটা বছৰত উপাৰ্জন কৰিছে লক্ষাধিক টকা ৷ এতিয়া লোকজনৰ বাৰীত লমালমে লাগিছে আপেল বগৰী ৷ 

এই পৰ্যন্ত তেওঁ বজাৰলৈ উলিয়াই দিছে প্ৰায় চাৰে চাৰি কুইন্টল বগৰী ৷ প্ৰতি কিলো বগৰীত 60-80 টকা দৰত বিক্ৰী কৰিছে অৱসৰপ্ৰাপ্ত সৈনিকজনে  ৷  ইপিনে তেওঁৰ বাৰীৰ বগৰীৰ সোৱাদ লবলৈ বাবে নিতৌ আগমন ঘটে স্থানীয় লোকৰ ৷ প্ৰাক্তন সৈনিক গৰাকীৰ এই কৰ্মসংস্কৃতিকে আদৰ্শ হিচাপে লৈ উদ্যানমূলক শস্যৰ এক বিপ্লৱ গঢ়ি তুলিব পাৰে উঠি অহা শিক্ষিত চামে বুলি তেওঁ আশা প্ৰকাশ কৰে ৷

লগতে পঢ়ক: ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডাৰ বাৰ্ষিক ATGM ৰ প্ৰশিক্ষণ সমাপ্ত

ABOUT THE AUTHOR

...view details