অসম

assam

ভূ-মাফিয়াৰ দপদপনি: অধিবক্তাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ মাটি বেদখলৰ অভিযোগ - Land Mafia

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 7:56 AM IST

ভূ-মাফিয়াৰ দপদপনি (ETV Bharat Assam)

গোলাঘাট, ২৪ জুলাই: ৰাজ্য় চৰকাৰে ভূ-মাফিয়াৰ বিৰুদ্ধে অভিযান চলোৱাৰ পিচতো অব্য়াহত এই কাৰ্যৰে জড়িত দালাল চক্ৰৰ দপদপনি । এই অবৈধ কাৰ্যত একাংশ অধিবক্তা জড়িত থকা বুলি চৰ্চা চলি থকাৰ সময়তেই এইবাৰ দেৰগাঁৱত অধিবক্তাৰ বিৰুদ্ধেই উত্থাপিত হৈছে এনে অভিযোগ । গোলাঘাট জিলাৰ অন্তৰ্গত দেৰগাঁৱত ভূ-মাফিয়াই ভূমি দখলৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে ।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ লাহটি চাৰিআলিত ৰিপুন বৰঠাকুৰ, ব্ৰজেন বৰঠাকুৰ, সত্যৰঞ্জন বৰঠাকুৰ আৰু মনোৰঞ্জন বৰঠাকুৰৰ নামত ম্য়াদী পট্টা থকা মাটিত অধিবক্তা বৰ্ণালী বৰুৱা আৰু বেদান্ত শৰ্মাই সোমবাৰে বেদখল চলোৱাৰ চেষ্টা কৰোতেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

ভুক্তভোগীয়ে এই ক্ষেত্ৰত অভিযোগ উত্থাপন কৰি কয় যে অধিবক্তা বৰ্ণালী বৰুৱা আৰু বেদান্ত শৰ্মাই ভূমি বেদখলৰ বাবে পেলাইছিল মাটি । ভয়-ভাবুকিৰে মাটি দখলৰ চেষ্টা কৰোতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । ভুক্তভোগীয়ে এই সন্দৰ্ভত দেৰগাঁও ৰাজহ চক্ৰ বিষয়াৰ লগতে দেৰগাঁও আৰক্ষী থানাত ঘটনাটোৰ বিষয়ে এজাহাৰ দাখিল কৰাত ৰাজহ চক্ৰ বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

লগতে পঢ়ক:ভূ-মাফিয়াৰ ৰূপত বিজেপি নেতা : ভুক্তভোগীয়ে আৰক্ষীৰ কাষ চাপিও পোৱা নাই ন্যায় - Land Mafia

বশিষ্ঠ আৰক্ষীৰ জালত পলাতক ভূ-মাফিয়া

সাতগাঁও আৰক্ষীৰ জালত পৰা দুই ভূ-মাফিয়া জেললৈ - Land Mafia Sent To Jail

ABOUT THE AUTHOR

...view details