অসম

assam

তিৱা স্বায়ত্ত পৰিষদক ষষ্ঠ অনসূচীত অন্তৰ্ভুক্তকৰণৰ দাবীত তীব্ৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 7:42 PM IST

তিৱা স্বায়ত্ত পৰিষদক ষষ্ঠ অনসূচীত অন্তৰ্ভূক্তকৰণৰ দাবীত তীব্ৰ প্ৰতিবাদ

গুৱাহাটী, ৭ ফেব্ৰুৱাৰী: তিৱা স্বায়ত্ত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনসূচীত অন্তৰ্ভুক্তকৰণকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত বুধবাৰে সদৌ তিৱা ছাত্ৰ সন্থাই গুৱাহাটীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে তিৱা স্বায়ত্ত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনসূচীত অন্তৰ্ভুক্তকৰণৰ প্রস্তাৱ কেন্দ্রীয় চৰকাৰলৈ অতিশীঘ্ৰে প্ৰেৰণ কৰা, অসম ৰাজ্যিক ৰাজধানী ক্ষেত্র উন্নয়ন প্রাধিকৰণ আইন' ২০১৭ সংৰক্ষিত খণ্ড-বেষ্টনী আৰু তিৱা স্বায়ত্ত পৰিষদ এলেকাৰ পৰা অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰা, 1997 চনত স্বাক্ষৰিত হোৱা তিৱা ভাষা চুক্তি অতি শীঘ্ৰে ৰূপায়ণ কৰা, জনজাতি খণ্ড আৰু আবেষ্টনীৰ ভূমি অতিশীঘ্রে বে-দখলমুক্ত কৰা, অধিসূচনাৰ সময়ত বাদ পৰি ৰোৱা তিৱা অধ্যুষিত গাঁওসমূহ তিৱা স্বায়ত্ত পৰিষদত অন্তর্ভুক্ত কৰি নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা প্রস্তুত কৰা, কার্বি আংলং জিলাত বসবাস কৰা তিৱা সকলক আঞ্চলিক স্বায়ত্ত পৰিষদ প্রদান কৰা, মেঘালয় ৰাজ্যত বসবাস কৰা তিৱা সকলক জনজাতিৰ মৰ্যাদা প্রদান কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে । 

সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে তিৱা স্বায়ত্ত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনসূচীত অন্তৰ্ভুক্তকৰণৰ বাবে কেন্দ্রীয় চৰকাৰলৈ অতি শীঘ্ৰে প্ৰেৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰক দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক: সুদখোৰৰ মানসিক নিৰ্যাতনৰ বলি হৈ ব্যৱসায়ীৰ আত্মহনন

ABOUT THE AUTHOR

...view details