অসম

assam

ETV Bharat / videos

পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত প্ৰতিবাদত উত্তাল চচল - AKRASU protest at chachal - AKRASU PROTEST AT CHACHAL

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 4:00 PM IST

গুৱাহাটী, ২৪ আগষ্ট : পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত কোচ ৰাজবংশীৰ প্ৰতিবাদত উত্তাল হ’ল মহানগৰীৰ চচলৰ ধৰ্ণাস্থলী । সদৌ কোঁচ-ৰাজবংশী ছাত্র সন্থা, সদৌ কোচ-ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাৰ যৌথ উদ্যোগত পৃথক কমতাপুৰ ৰাজ্য, কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু KLO ব লগত শান্তি আলোচনাৰ দাবীত দিনৰ ১১ বজাৰ পৰা ৩ ঘণ্টীয়া এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, আমাক কমতাপুৰ লাগিবই, আমাৰ দাবী নায্য দাবী, আমাক এছ টি লাগিবই আদি বিভিন্ন শ্ল'গানৰে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আক্ৰাছুৰ নেতৃবৃন্দই কয়, "পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত দীৰ্ঘদিন ধৰি কোঁচ ৰাজবংশীসকলে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । কিন্তু নাৰ্য প্ৰাপ্তিৰ দাবীত কৰা আন্দোলনক কোনো গুৰুত্ব প্ৰদান কৰা নাই বিজেপি চৰকাৰখনে । চৰকাৰৰ এনে প্ৰতাৰণাৰ বিৰুদ্ধে কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ লোকসকল পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে ।"

অতি শীঘ্ৰেই কোচ ৰাজবংশীসকলৰ দাবীসমূহ মানি নল'লে চৰকাৰৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি চৰকাৰক সকীয়াই দিয়ে প্ৰতিবাদকৰীসকলে ।

লগতে পঢ়ক: জনজাতিকৰণৰ দাবীত মন্ত্ৰী-বিধায়কৰ ঘৰৰ সন্মুখত আন্দোলনৰ কাৰ্যসূচী ঘোষণা আক্ৰাছুৰ - AKRASU DEMAND ST STATUS

জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ সংবাদমেল - AKRASU press conference in bijni

ABOUT THE AUTHOR

...view details