ৰমেন বৰুৱাক ছটা দিনে বিচাৰি উলিয়াব নোৱৰাটো অসম চৰকাৰৰ চৰম ব্যর্থতা : অখিল গগৈ - AKHIL GOGOI ON RAMEN BARUAH MISSING
Published : Jul 27, 2024, 6:31 PM IST
গুৱাহাটী, ২৭ জুলাই: অসমৰ এজন প্ৰখ্যাত শিল্পী, প্রথিতযশা সংগীত পৰিচালক ৰমেন বৰুৱাৰ সন্ধান ছটা দিনে উলিয়াব নোৱৰাটো অসম চৰকাৰৰ চৰম ব্যর্থতা ৷ এই মন্তব্য বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ । অখিল গগৈয়ে ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আজি তেওঁৰ ঘৰত উপস্থিত হৈ পৰিয়ালবৰ্গৰ সৈতে কিছু আলোচনাত মিলিত হয় ।
লগতে পঢ়ক: হঠাৎ কোনো সন্ধান নোহোৱা হ’ল বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ - Ramen Baruah missing
ৰমেন বৰুৱাৰ পৰিয়ালক সাক্ষাৎ কৰাৰ পিচতে অখিল গগৈয়ে সংবাদমাধ্যমৰ আগত কয়, "অসমৰ সাংস্কৃতিক জগতখন ৰমেন বৰুৱাক বাদ দি হ'ব নোৱাৰে । ৬ দিন ধৰি ৰমেন বৰুৱাৰ সন্ধান উলিয়াব নোৱৰাটো দুৰ্ভাগ্যজনক । চৰকাৰে ৰমেন বৰুৱা যদি নদীত হেৰাইছে বা অন্য ক'ৰবাত ঘূৰি আছিল বিচাৰি উলিয়াটো উচিত আছিল । এয়া চৰকাৰৰ অসমৰ্থতা আৰু গৃহ বিভাগৰ ব্যৰ্থতা ।"
অখিল গগৈয়ে লগতে কয়, "মুখ্যমন্ত্ৰীয়ে নিয়তিৰ পৰিহাস বুলি কৈছে যদিও সেয়া মই নাভাবো । শিল্পীৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা থাকে । ৰমেন বৰুৱাক কিমানখিনি আৰ্থিকভাৱে সহায় কৰিলে । মুখ্যমন্ত্ৰীয়ে পৰিয়ালটোৰ ওচৰলৈ আহিব লাগে, তেওঁ নিজে বৰুৱা সন্ধানহীন হোৱা স্থান পৰিদৰ্শন কৰিব লাগে আৰু দেওবাৰৰ ভিতৰত ৰমেন বৰুৱাৰ সন্ধান উলিয়াব লাগে বুলি এছ ডি আৰ এফক নিৰ্দেশ দিব লাগে।"