বিহালীত কংগ্ৰেছেও ৱাচিং মেচিন আনিছে: অখিল গগৈ - BYE ELECTION 2024
Published : Nov 6, 2024, 10:59 PM IST
বিশ্বনাথ: উপ-নিৰ্বাচনলৈ মাজত মাথো কেইটিমান দিন । তীব্ৰতৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ । সমানে অব্যাহত আছে ৰাজনৈতিক নেতাৰ বাকযুদ্ধ । গৰম হৈছে চৰ্চাত থকা বিহালী সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ । একেদিনাই বিশ্বনাথৰ বিহালী সমষ্টিৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী সঞ্জয় কিষাণ আৰু বিধায়ক অখিল গগৈয়ে । মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই কয়, "যোৰহাটৰ দৰে নহয়, বিহালী সদায় বিহালী হৈ থাকিব । বিহালী সমষ্টিৰ ৰাইজ যথেষ্ট সচেতন আৰু সজাগ যাৰ ফলত বিহালী ৰাইজে কংগ্ৰেছৰ সলনি বিজেপিক ভোট দিব ।"
ইফালে বিধায়ক অখিল গগৈয়ে কয়, "দুই নাৱত দুখন ভৰি ৰাখিছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে । কংগ্ৰেছ দলে ৰাইজক আৰু আমাকো বিশ্বাসঘাতকতা কৰিছে । কংগ্ৰেছ দলে দিয়া প্ৰাৰ্থীগৰাকীৰ মাটি দালালী কৰাৰ ইতিহাস আছে । বিজেপিৰ দৰে বিহালীত কংগ্ৰেছেও ৱাচিং মেচিন আনিছে ।"