অসম

assam

ETV Bharat / videos

যোৰহাটত ব্ৰহ্মপুত্ৰৰ বুকুত দুঃসাহসিক ত্ৰিৰংগা যাত্ৰা - Independence Day 2024 - INDEPENDENCE DAY 2024

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 10:47 PM IST

যোৰহাট, 14 আগষ্ট : যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত অগ্নি আৰু আপাতকালীন সেৱা আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা দলৰ সহযোগত বুধবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী ৷ ভৰা ব্ৰহ্মপুত্ৰৰ বুকুত অগ্নি আৰু আপাতকালীন আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ দুঃসাহসিক জোৱানসকলে দেশৰ স্বাভিমান ৰাষ্ট্ৰীয় পতাকা যন্ত্ৰচালিত নাৱত স্থাপন কৰি, চৌদিশ পৰিভ্ৰমণ কৰা লগতে জাতীয় পতাকাৰ ৰঙেৰে নৌকা আলোকিত কৰি এই যাত্ৰাত অংশগ্ৰহণ কৰে ৷

ব্ৰহ্মপুত্ৰৰ বুকুত আৰম্ভ কৰা দুঃসাহিক এই ত্ৰিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰা জোৱানসকলক উপস্থিত সকলোৱে সম্ভাষণ জনায় ৷ আজি ব্ৰহ্মপুত্ৰৰ বুকুত অনুষ্ঠিত এই ত্ৰিৰংগা যাত্ৰাৰ কাৰ্যসূচীত জিলা প্ৰশাসন লগতে অংশগ্ৰহণকাৰী বাহিনীকেইটাৰ উচ্চপদস্থ লোকসকল উপস্থিত থাকে ৷  

লগতে পঢ়ক : হাতে হাতে জাতীয় পতাকা লৈ গোলাঘাটত ত্ৰিৰংগা যাত্ৰা : মন্ত্ৰী অজন্তা নেওগ, সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ অংশগ্ৰহণ - Har Ghar Tiranga

আনহাতে দেশৰ 78 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে যোৰহাট জিলা প্ৰশাসনে 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ লগতে বিভিন্ন পদক্ষেপ আৰু স্বাধীনতা দিৱসৰ লগত সামঞ্জস্য থকা বিভিন্ন ব্যতিক্ৰমী কাৰ্যসূচীৰ আয়োজন কৰে ৷ উল্লেখ্য যে, স্বাধীনতা দিৱসৰ কাৰ্যসূচীত যাতে কোনো দুষ্ট চক্ৰই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে জিলাখনৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে তালাচী আৰু টহলৰ ব্যৱস্থা কৰিছে ৷ ইফালে 78 সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বৃহস্পতিবাৰে যোৰহাটত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব মন্ত্ৰী যোগেন মহনে ৷ 

লগতে পঢ়ক : নলবাৰী জিলা দিৱসত পৰিবহণ বিভাগৰ বাইক ৰেলী - Nalbari District Day

ABOUT THE AUTHOR

...view details