কোনো এটা সমষ্টিয়েই বিজেপিৰ বাবে সহজ হৈ থকা নাই: দেৱব্ৰত শইকীয়া - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024
Published : Apr 19, 2024, 10:49 PM IST
আমগুৰি, 19 এপ্ৰিল: শুকুৰবাৰে ৰাজ্যত সম্পন্ন হ’ল প্ৰথম পৰ্যায়ৰ সাধাৰণ নিৰ্বাচন ৷ 5 টাকৈ সংসদীয় সমষ্টিৰ সৰ্বমুঠ 35 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ল ই ভি এমত ৷ ভোটাৰ ৰাইজে সাব্যস্থ কৰিলে গণতান্ত্ৰিক অধিকাৰ ৷ ভোটদান সম্পন্ন হোৱাৰ পিচত সংবাদ মাধ্যমৰ সন্মুখত মনৰ ভাৱ প্ৰকাশ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷
শইকীয়াই কয় যে বিগত সময়ত বিজেপি দলে দিয়া ভুৱা প্ৰতিশ্ৰুতিৰ বাবে দলটোৱে ৰাইজৰ সমৰ্থন হেৰুৱাইছে ৷ ফলত যোৰহাট লোকসভা সমষ্টিত ইণ্ডি এলায়েন্সৰ প্ৰাৰ্থী গৌৰৱ গগৈ জয়ী হ’ব বুলি মন্তব্য কৰে বিৰোধী দলপতিগৰাকীয়ে ৷ কোনো এটা সমষ্টিয়েই বিজেপিৰ বাবে সহজ হৈ থকা নাই বুলি উল্লেখ কৰি দেৱব্ৰত শইকীয়াই কয় যে ৰাইজে যদি বিজেপিক শিক্ষা দিম বুলি ভাবে তাত আচৰিত হ’বলগীয়া একো নাথাকিব ৷ বিজেপিয়ে কৰা কিছুমান কামে ৰাইজক দলটোৰ বিপক্ষে ভোট দিবলৈ বাধ্য কৰাইছে বুলি কয় বিৰোধী দলপতিগৰাকীয়ে ৷
আনহাতে বিজেপিয়ে মহিলা ভোটাৰসকলক ভয়-ভাবুকি দি থকা বুলি অভিযোগ উত্থাপন কৰে দেৱব্ৰত শইকীয়াই ৷ ভয়ত ভঞ্জা আৰু ভক্তিত ভঞ্জা পৃথক কথা বুলি উল্লেখ কৰি বিৰোধী দলপতিগৰাকীয়ে কয় যে বিজেপিয়ে লাখপতি বাইদেউ আঁচনিৰ পৰা নাম কাটি দিব, সভালৈ নগ’লে বিনামূলীয়া চাউলৰ পৰা বঞ্চিত কৰোৱাব আদি ভাবুকি দি আছে ৷ তথাপিও মহিলাসকলে গোপনে বিজেপিৰ বিপক্ষে ভোটদান কৰিছে বুলি আশাবাদী বিৰোধী দলপতিগৰাকী ৷
লগতে পঢ়ক: যোৰহাটত সৰ্বাধিক ভোটদান: ই ভি এমত বন্দী প্রথম পর্যায়ৰ নিৰ্বাচনত ৩৫ প্রার্থীৰ ভাগ্য