হিমন্ত বিশ্ব শৰ্মাই কেতিয়া কি ক'ব সেয়া ঈশ্বৰৰ বাহিৰে কোনেও পূৰ্বানুমান কৰিব নোৱাৰে: আব্দুল খালেক - Assam assembly autumn session - ASSAM ASSEMBLY AUTUMN SESSION
Published : Aug 30, 2024, 5:54 PM IST
নলবাৰী, ৩০ আগষ্ট: অসম বিধানসভাত আজিৰে পৰা নামাজৰ বিৰতি বিলুপ্তিকৰণক লৈ প্ৰতিক্ৰিয়া লোকসভাৰ প্ৰাক্তন সাংসদ আব্দুল খালেকৰ । নলবাৰীত চলি থকা যুৱ কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰত অংশ লৈ প্ৰাক্তন সাংসদগৰাকীয়ে মন্তব্য কৰে যে কোনো ধাৰ্মিক হিন্দুৱে বিধানসভাত থকা নামাজৰ পৰম্পৰাগত বিৰতি বিলুপ্ত হোৱাটো নিবিচাৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীক্ষ্ণ সমালোচনা কৰি তেওঁ কয়, ‘‘যোৰহাটৰ নিৰ্বাচনত পৰাজয়ৰ পিছত তেখেতৰ মানসিক ভাৰসাম্য নাইকিয়া হৈছে । তেখেতে অসমত অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে । '২৬ ৰ নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ হিন্দু-মুছলমানৰ ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰীয়ে ।’’ ইফালে হিমন্ত বিশ্ব শৰ্মাই কেতিয়া কি ক'ব সেয়া ঈশ্বৰৰ বাহিৰে কোনেও পূৰ্বানুমান কৰিব নোৱাৰে বুলি মুখ্যমন্ত্ৰীক কটাক্ষ প্ৰাক্তন সাংসদগৰাকীৰ ।
মিঞাক অসমীয়া জাতিৰ কাল্পনিক শত্ৰু বুলি বুজাব খুজিছে বিজেপিয়ে: আমিনুল ইছলাম - miya controversy