অসম

assam

ETV Bharat / videos

জোনাইত শোকাৱহ পথ দুৰ্ঘটনা; থিতাতে মৃত্যু দুজনৰ - Jonai road accident

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 10:02 PM IST

জোনাই, 7 জুলাই: জোনাইৰ লাইমেকুৰীৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । এই পথ দুৰ্ঘটনাটোত থিতাতে দুজনকৈ বাইক আৰোহীয়ে প্ৰাণ হেৰুৱায় ৷ জানিব পৰা মতে পাচিঘাটৰ পৰা লখিমপুৰ অভিমুখে তীব্ৰ বেগত আহি থকা মাৰুতি ইগনিছ বাহন এখনে একেটা দিশেৰে গৈ থকা মটৰ চাইকেলখনক পিছফালৰ পৰা প্ৰচণ্ড জোৰত খুন্দা মাৰে ৷ যাৰ ফলত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো ।

নিহত এজন বাইক আৰোহী জোনাইৰ লাইমেকুৰী টাক্ (Tako) গাঁৱৰ মনিকা পাতিৰ বুলি জানিব পৰা গৈছে ৷ ইফালে, আনজনৰ সঠিক পৰিচয় বাতৰি সংগ্ৰহ কৰা সময়লৈকে জানিব পৰা নাই যদিও অৰুণাচল প্ৰদেশৰ ৰায়াং গাঁৱৰ বুলি জানিব পৰা গৈছে ।

দুৰ্ঘটনা সংঘটিত হোৱা মাৰুটি ইগনিছ বাহনখনৰ নম্বৰ হৈছে AR-01S-4040 ৷ আনহাতে মটৰ চাইকেলখনৰ নম্বৰ হৈছে AR 09C 7419 ৷ ইতিমধ্যে ঘটনাস্থলীত জোনাই আৰক্ষী-প্ৰশাসন উপস্থিত হৈ দুৰ্ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: বন্যাৰ্তক সহায় কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত চিকিৎসাকৰ্মী দলৰ এম্বুলেন্স - Accident in Kaliabor

বিশ্বনাথত দুটাকৈ পথ দুৰ্ঘটনা, থিতাতে মৃত্যু এজনৰ

ট্ৰাক-বলেৰ'ৰ মুখামুখি সংঘৰ্ষত থিতাতে প্ৰাণ হেৰুৱালে 9 জনে - Road Accident

ব্ৰহ্মপুত্ৰত ই-ৰিক্সাসহ উটি গ'ল তিনি যুৱক : এজনক জীৱিত অৱস্থাত উদ্ধাৰ - Missing In Brahmaputra

ABOUT THE AUTHOR

...view details