অসম

assam

ETV Bharat / videos

অসম সাহিত্য সভাৰ ১০৮ সংখ্যক প্ৰতিষ্ঠা দিৱসত কি ক'লে সভাপতিয়ে ? - ASSAM SAHITYA SABHA

By ETV Bharat Assamese Team

Published : Dec 28, 2024, 4:24 PM IST

বঙাইগাঁও: শনিবাৰে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম বৰঘোলাত অনুষ্ঠিত হয় অসম সাহিত্য সভাৰ ১০৮ সংখ্যক প্ৰতিষ্ঠা দিৱস । প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত কৰা বিশেষ অনুষ্ঠানটিত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাকে আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি । অনুষ্ঠানটিত অংশগ্ৰহণ কৰি সভাপতি ড৹ হাজৰিকাই কয়,"আজি অসম সাহিত্য সভাৰ বাবে এটা ঐতিহাসিক দিন । আজিৰ পৰা এটা নতুন বৰ্ষ আৰম্ভ হ'ব অসম সাহিত্য সভাৰ কাৰণে ।"

অসম সাহিত্য সভাৰ পৰৱৰ্তী কাৰ্যসূচী ভোটগননাৰ সন্দৰ্ভত সভাপতিগৰাকীয়ে কয়, "ইতিমধ্যে দদৰাত এই অনুষ্ঠান আয়োজন কৰা হৈছে । আমি আশা কৰিছোঁ নিয়াৰিকৈ অতি সুন্দৰভাৱে এই অনুষ্ঠান সম্পন্ন হ'ব । আমি আশা কৰিছোঁ ২৯ তাৰিখে সন্ধিয়াৰ সময়ত আমাৰ আগন্তুক কাৰ্যনিৰ্বাহকৰ কাৰণে সভাপতি, উপ-সভাপতি, প্ৰধান সম্পাদকৰ নাম আমি ঘোষণা কৰিব পাৰিম ।" নতুন বৰ্ষত হ'বলগীয়া কামৰ বিষয়ে তেওঁ কয়,"প্ৰত্যেক বৰ্ষতে আচলতে কিমানখিনি কাম হৈছে বিভিন্ন দিশসমূহৰ হিচাপ কৰা হয় । "

লগতে পঢ়ক: মাহতলিত সপোন বুটলাত ব্যস্ত কৃষক - PULSES CULTIVATION IN DHEMAJI

অসম দক্ষতা বিশ্ববিদ্যালয় কেতিয়া মুকলি হ'ব ? ক'লে মন্ত্ৰী প্ৰশান্ত ফুকনে - ASSAM SKILL UNIVERSITY

ABOUT THE AUTHOR

...view details