অসম

assam

ETV Bharat / technology

হোৱাটছএপত উপলব্ধ হ’ল এক নতুন বৈশিষ্ট্য - NEW WHATSAPP FEATURE

WhatsApp feature: জনপ্ৰিয় মেছেজিং প্লেটফৰ্ম হোৱাটছএপে পুনৰ আনিছে এক শক্তিশালী বৈশিষ্ট্য । যিটো অতি উপযোগী বিবেচিত হ’ব বুলি আশা কৰা হৈছে ।

Re-invigorated WhatsApp feature; Know how to use?
হোৱাটছএপত উপলব্ধ হ’ল এক নতুন বৈশিষ্ট্য (ANI)

By ETV Bharat Tech Team

Published : Nov 2, 2024, 1:36 PM IST

হায়দৰাবাদ: জনপ্ৰিয় মেছেজিং প্লেটফৰ্ম WhatsApp এ ইটোৰ পিছত সিটোকৈ বহু প্ৰয়োজনীয় বৈশিষ্ট্য ইয়াৰ ব্যৱহাৰকাৰীৰ সুবিধাৰ্থে সংযোজন কৰি আছে । যিয়ে ব্যৱহাৰকাৰীক এই এপটো ব্যৱহাৰ কৰাৰ এক নতুন অভিজ্ঞতা প্ৰদান কৰে । বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে যোগাযোগ আৰু অধিক উন্নত কৰাৰ বাবে এই এপটোৱে আন এক নতুন বৈশিষ্ট্য প্ৰৱৰ্তন কৰিছে । ইয়াৰ দ্বাৰা আপুনি আপোনাৰ পছন্দৰ লোকসকলক তালিকাভুক্ত কৰিব পাৰে । এই বৈশিষ্ট্যৰ বিষয়ে অধিক জানক---

ই কেনেকৈ উপযোগী?

  • আমি WhatsApp খুলিলে বহুত যোগাযোগ নম্বৰ দেখিবলৈ পাওঁ
  • ইয়াৰ ভিতৰত বন্ধু, ব্যক্তিগত, পেছাদাৰী বা ব্যৱসায়িক যোগাযোগ অন্তৰ্ভুক্ত
  • আমি বিচৰা ব্যক্তিজনৰ লগত কথা পাতিবলৈ আমি আমাৰ সমগ্ৰ তালিকাখনত বিচাৰিবলগীয়া হয়
  • বা সন্ধান বাৰ ব্যৱহাৰ কৰি উক্ত লোকজনৰ সৈতে কথা পাতিব পাৰো
  • WhatsApp ৰ নতুন বৈশিষ্ট্যৰ জৰিয়তে ইমানখিনি নকৰাকৈয়ে স্বনিৰ্বাচিত তালিকাৰ জৰিয়তে যোগাযোগসমূহ ফিল্টাৰ কৰিব পাৰি

কেনেকৈ কৰিব?

  • WhatsApp খোলাৰ লগে লগে All, Unread, Favorite আৰু Group আদি ফিল্টাৰ ওলাব ।
  • এইবোৰৰ কাষত '+' আইকন থাকিব ।
  • তাৰ সহায়ত আমি আমাৰ যোগাযোগৰ এখন নতুন তালিকা তৈয়াৰ কৰিব পাৰো যেনে পৰিয়াল, কাৰ্যালয়, বন্ধু ইত্যাদি
  • দীঘলীয়া সময় ধৰি টিপি ধৰি অথবা প্ৰেছ কৰিও ফিল্টাৰ সম্পাদনা কৰাৰ সুবিধা আছে ।

এই বৈশিষ্ট্য কেতিয়া উপলব্ধ হ’ব?

WhatsApp ৰ এই বৈশিষ্ট্য ইতিমধ্যে এপটোত উপলব্ধ । মেটাৰ শীৰ্ষ কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে হোৱাটছএপ চেনেলত এই বিষয়ে অৱগত কৰে । ইয়াৰ সৈতে জড়িত এটা স্ক্ৰীণশ্বটও তেওঁ শ্বেয়াৰ কৰিছে । এই বৈশিষ্ট্য অতি সোনকালে সকলো এপ ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ হ’ব ।

আৰু 2 টা নতুন বৈশিষ্ট্যৰ ওপৰত কাম আৰম্ভ

WhatsApp ত আৰু ২ টা নতুন বৈশিষ্ট্যৰ বাবে কাম চলি আছে । এটা হৈছে চেট মেমৰি বৈশিষ্ট্য আৰু দ্বিতীয়টো হৈছে সহজ যোগাযোগ ব্যৱস্থাপনা বৈশিষ্ট্য । মেটা এআইৰ সৈতে শ্বেয়াৰ কৰা ব্যক্তিগত ডাটা ৰেকৰ্ড কৰিবলৈ এই চেট মেমৰি বৈশিষ্ট্য ব্যৱহাৰ কৰা হ’ব । আনহাতে ই কেৱল WhatsApp ত নতুন যোগাযোগ সংৰক্ষণ কৰাৰ আন এটা বৈশিষ্ট্য আনিব । অৰ্থাৎ এতিয়াৰ পৰা নতুন নম্বৰ এটা চেভ কৰি থাকোঁতে মোবাইলৰ যোগাযোগ নম্বৰলৈ যোৱাৰ প্ৰয়োজন নাই ।

লগতে পঢ়ক: এতিয়াৰে পৰা লিংক ডিভাইচত নিশ্চিন্তভাৱে সংৰক্ষণ কৰিব পাৰিব হোৱাটছএপ নম্বৰ

Meta AI ত সংৰক্ষিত হ’ব আপোনাৰ WhatsApp chat

ABOUT THE AUTHOR

...view details