হায়দৰাবাদ: হোৱাটছএপৰ কোটি কোটি ব্যৱহাৰকাৰীৰ গোপনীয়তা আৰু সুৰক্ষা বজাই ৰাখিবলৈ মেটাই সদায় সতৰ্ক হৈ থাকে । যদি আপুনিও হোৱাটছএপ ব্যৱহাৰ কৰে তেন্তে আপুনি এতিয়াই সাৱধান হ’ব লাগিব । কাৰণ শেহতীয়াকৈ কোম্পানীটোৱে ইজৰাইলৰ চোৰাংচোৱা কোম্পানী পেৰাগন ছলিউচনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । এই কোম্পানীটোৰ Graphite নামৰ স্পাইৱেৰে সাংবাদিক আৰু একাংশ নাগৰিক সমাজৰ সদস্যক লক্ষ্য কৰি লৈছে । প্ৰায় 90 জনকৈ ব্যৱহাৰকাৰীক টাৰ্গেট কৰা বুলি প্ৰকাশ কৰিছে হোৱাটছএপে ।
লক্ষ্য 90 জন ব্যৱহাৰকাৰী
ইজৰাইলৰ কোম্পানী পেৰাগনে এই সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই । হোৱাটছএপৰ বিষয়াসকলে দাবী কৰিছে যে ইয়াৰ দ্বাৰা বিভিন্ন দেশৰ প্ৰায় 90 জন ব্যৱহাৰকাৰীৰ একাউণ্টক লক্ষ্য কৰি লৈছে । ইয়াৰে অধিকাংশ ব্যৱহাৰকাৰী সাংবাদিক আৰু নাগৰিক সমাজৰ সদস্য । কিন্তু মেটাই কোনো নিৰ্দিষ্ট ব্যৱহাৰকাৰীৰ বিষয়ে তথ্য শ্বেয়াৰ কৰা নাই । ইজৰাইলী স্পাইৱেৰ কোম্পানীটোৱে ব্যৱহাৰকাৰীৰ সৈতে কোনো ধৰণৰ যোগাযোগ নোহোৱাকৈ বহু স্পাইৱেৰ লেচযুক্ত ইলেক্ট্ৰনিক নথিপত্ৰ শ্বেয়াৰ কৰিছিল, যাক ‘জিৰ’-ক্লিক হেক’ বুলি কোৱা হয় । এই প্ৰৱঞ্চনামূলক পদ্ধতি ধৰা পেলোৱাটো কঠিন যদিও মেটাৰ মতে হোৱাটছএপে হেকাৰৰ এই প্ৰচেষ্টা আধাতে বন্ধ কৰিবলৈ সক্ষম হৈছিল । আইন প্ৰয়োগকাৰী বিষয়াকো অৱগত কৰিছে হোৱাটছএপে ।
পেৰাগন কোম্পানীৰ কাৰ্য
ইজৰাইলী কোম্পানীটোৱে নিজৰ চোৱাচিতা চফ্টৱেৰ চৰকাৰক বিক্ৰী কৰে, যিয়ে অপৰাধ প্ৰতিৰোধ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা প্ৰতিৰোধ কৰাত সহায় কৰে বুলি কয় । কিন্তু এনে সঁজুলিৰ সহায়ত সাংবাদিক আৰু নাগৰিক সমাজৰ ব্যৱহাৰকাৰীক লক্ষ্য কৰি লোৱা হৈছে । উল্লেখযোগ্য যে, ইজৰাইলৰ কোম্পানী পেগাছাছে ইয়াৰ পূৰ্বেও স্পাইৱেৰৰ জৰিয়তে হোৱাটছএপ ব্যৱহাৰকাৰীক লক্ষ্য কৰি লৈছিল ।
স্পাইৱেৰে কেনেকৈ ক্ষতি কৰে?