হায়দৰাবাদ: টিজাৰ মুক্তিৰ কিছুদিন পিছতে ভিভ’ই মুকলি কৰিবলৈ ওলাইছে নতুন 5G স্মাৰ্টফোন Vivo Y300 । চলিত মাহৰ 21 তাৰিখে মুকলি কৰা হ'ব এই ফোনটো । কোম্পানীটোৱে নিজৰ X হেণ্ডেলত এই কথা ঘোষণা কৰিছে । টিজাৰত কোম্পানীটোৱে নতুন হেণ্ডছেটৰ ডিজাইনৰ বিষয়ে তথ্য দিছে । ইয়াৰ ঠিক তলত ৰিং লাইটৰ সৈতে ডুৱেল কেমেৰা ছেটআপ আছে ।
ডিজাইন
Vivo Y300 মেটালিক ফ্ৰেমৰ সৈতে বক্সি ডিজাইনৰ সৈতে আহিব । কোম্পানীয়ে স্পষ্ট কৰি দিছে যে এই ফোনটো ডাৰ্ক পাৰ্পল, ছি গ্ৰীণ আৰু গ্ৰে 3 টা ৰঙৰ বিকল্পত উপলব্ধ হ’ব । এই ভেৰিয়েন্টটোৰ মাৰ্কেটিং নাম কি হ’ব সেয়া কোম্পানীয়ে সিদ্ধান্ত লোৱা নাই । এই ফোনত আছে শক্তিশালী কেমেৰা । তলত ডুৱেল কেমেৰা চেটআপ আছে আৰু তলত ৰিং লাইটৰ ডিজাইন আছে । যিটো ইয়াৰ পূৰ্বৰ মডেলতকৈ পৃথক । যোৱা বছৰ মুকলি কৰা হৈছিল Vivo Y200 । কোম্পানীটোৱে ইয়াৰ ডিজাইনৰ সবিশেষ তথ্য প্ৰদান কৰা নাই ।
বৈশিষ্ট্য
- 6.67 ইঞ্চিৰ AMOLED ডিছপ্লে
- 1080 x 2400 পিক্সেল ফুল এইচডি+ ৰিজ’লিউচন
- 120Hz ৰিফ্ৰেছ ৰেট
- ডুৱেল কেমেৰা ছেটআপ (50MP মেইন চেন্সৰ, 8MP ছেকেণ্ডাৰী লেন্স)
- প’ৰ্ট্ৰেইট শ্বটৰ বাবে চ’নী IMX882 চেন্সৰ
- চেলফিৰ বাবে 32MP ফ্ৰন্ট কেমেৰা
- স্নেপড্ৰেগন 4 জেন 2 চিপছেট
- 8GB ৰেম
- 5000 mAh বেটাৰী
- 80W ফাষ্ট চাৰ্জিং সমৰ্থন
- ৱাই-ফাই 5
- ব্লুটুথ 5.0, জিপিএছ আৰু ইউএছবি-চি প’ৰ্ট
- ষ্টেৰিঅ’ স্পীকাৰ
- পানী আৰু ধূলি প্ৰতিৰোধৰ বাবে IP64 ৰেটিং
- আণ্ডাৰ-ডিছপ্লে অপটিকেল ফিংগাৰপ্ৰিণ্ট চেন্সৰ