অসম

assam

ETV Bharat / technology

ফোনৰ মডেলৰ ভিত্তিত ভাৰা নিৰ্ধাৰণ; অভিযোগ অস্বীকাৰ কৰিলে উবেৰে - DIFFERENTIAL PRICING

গ্ৰাহকে ব্যৱহাৰ কৰা ফোনৰ মডেলৰ ভিত্তিত উবেৰে ভাৰা নিৰ্ধাৰণ কৰা বুলি অভিযোগ উত্থাপন হৈছিল ৷ এই অভিযোগ অস্বীকাৰ কৰিছে উবেৰে ৷

uber-denies-implementing-phone-model-based-pricing-in-india-details-in-assamese
ফোনৰ মডেলৰ ভিত্তিত ভাৰা নিৰ্ধাৰণ; অভিযোগ অস্বীকাৰ কৰিলে উবেৰে (ETV Bharat via UBER)

By ETV Bharat Tech Team

Published : Jan 25, 2025, 12:19 PM IST

হায়দৰাবাদ: ব্যক্তিগত পৰিবহণ কোম্পানী উবেৰৰ বিৰুদ্ধে উত্থাপন হৈছিল এক গুৰুতৰ অভিযোগ ৷ ছান ফ্ৰান্সিস্কোস্থিত ৰাইড-হেলিং জায়ান্ট উবেৰে ব্যৱহাৰকাৰীৰ ফোনৰ মডেলৰ ভিত্তিত ভাৰা তথা ডিফাৰেন্সিয়েল প্ৰাইচিং ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ এই অভিযোগ অস্বীকাৰ কৰিছে কোম্পানীটোৱে । টেক্সি এগ্ৰিগেটৰ উবেৰ আৰু ইয়াৰ ভাৰতীয় প্ৰতিদ্বন্দ্বী অ’লাক গ্ৰাহক পৰিক্ৰমা বিভাগে এণ্ড্ৰইড আৰু আইফোন ব্যৱহাৰকাৰীৰ বাবে যাতায়তৰ ক্ষেত্ৰত ভিন্ন মূল্য নিৰ্ধাৰণক লৈ জাননী প্ৰদান কৰিছে ।

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী প্ৰলহাদ যোশীয়ে বৃহস্পতিবাৰে X যোগে কয় যে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা সংস্থাই (চিচিপিএ) দুয়োটা কোম্পানীলৈ ভিন্নতামূলক মূল্য নিৰ্ধাৰণক লৈ জাননী প্ৰেৰণ কৰিছে ।

X যোগে মন্ত্ৰীগৰাকীয়ে কয়, "ই প্ৰাইমা ফেচি, এক অন্যায় বাণিজ্যিক প্ৰথা যেন লাগে, কিয়নো কেব এগ্ৰিগেটৰসকলে ডিফাৰেন্সিয়েল প্ৰাইচিং ব্যৱহাৰ কৰা বুলি অভিযোগ উঠিছিল ।" তেওঁ আৰু কয় যে যদি এই কথা সঁচা হয় তেন্তে ই গ্ৰাহকৰ অধিকাৰৰ প্ৰতি এক প্ৰকাশ্য অৱজ্ঞা হ’ব ।

সামাজিক মাধ্যমত কেইবাটাও ৰিপ’ৰ্ট আৰু ব্যৱহাৰকাৰীৰ অভিযোগ অনুসৰি একেটা ৰাইডৰ বাবে এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ তুলনাত আইফোন ব্যৱহাৰকাৰীৰ পৰা অধিক মূল্য লোৱা হৈছিল । অৱশ্যে উবেৰে এই অভিযোগ অস্বীকাৰ কৰিছে ।

উবেৰৰ এগৰাকী মুখপাত্ৰই সংবাদ সংস্থা ৰয়টাৰক জনায়, "আমি কোনো ৰাইডাৰৰ ফোনৰ মডেলৰ ওপৰত ভিত্তি কৰি মূল্য নিৰ্ধাৰণ নকৰো । আমি কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষৰ সৈতে কাম কৰি যিকোনো ভুল বুজাবুজি দূৰ কৰিবলৈ আগ্ৰহী ।"

তদুপৰি, ছান ফ্ৰান্সিস্কোস্থিত ৰাইড-হেলিং জায়ান্ট উবেৰে ভাৰতৰ অলা, ৰেপিডো আৰু লগতে সম্পূৰ্ণ বৈদ্যুতিক ৰাইড-হেলিং এপ ব্লুস্মাৰ্টৰ সৈতে আক্ৰমণাত্মক যুদ্ধত নিজকে আবদ্ধ কৰি ৰাখিছে । উল্লেখযোগ্য যে, আমেৰিকা আৰু কানাডাৰ বাহিৰত ভাৰত হৈছে উবেৰৰ সৰ্ববৃহৎ বজাৰ ।

যোশীয়ে ৰাইড-হেলিং সেৱাৰ বাহিৰৰ অঞ্চলত ভিন্নতামূলক মূল্য নিৰ্ধাৰণৰ কথাও লক্ষ্য কৰিছিল । তেওঁ উল্লেখ কৰে যে তেওঁ চিচিপিএক খাদ্য ডেলিভাৰী আৰু অনলাইন টিকটিং পৰ্টেলকে ধৰি দেশৰ অন্যান্য খণ্ডই ব্যৱহাৰ কৰা ভিন্নতামূলক মূল্য নিৰ্ধাৰণ ব্যৱসায়িক কৌশলৰ ওপৰতো নজৰ ৰাখিবলৈ নিৰ্দেশ দিব ।

লগতে পঢ়ক: বাহনৰ ক্ৰয় ব্যয়ৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হৈছে ভাড়া; ক’ত ?

পূৰ্বতকৈ অধিক দামত বজাৰত মুকলি হ’ল নতুন ৰয়েল এনফিল্ড স্ক্ৰাম 440

ভাৰতীয় বজাৰত মুকলি হ’ল হিৰো ডেষ্টিনি 125

ABOUT THE AUTHOR

...view details