অসম

assam

ETV Bharat / technology

বিত্তীয় প্ৰৱঞ্চনা তথা হেকাৰৰ পৰা কেনেকৈ নিজৰ স্মাৰ্টফোনটো ৰক্ষা কৰিব ? - NSA PHONE USAGES TIPS

হেকাৰৰ পৰা নিজকে তথা স্মাৰ্টফোনটো ৰক্ষা কৰিবলৈ সঘনাই ফোনটো বন্ধ কৰি ৰাখিব লাগে বুলি বিশেষজ্ঞসকলে কয় । কিয় ? জানক এই প্ৰতিবেদনযোগে --

Is it a hacker attack? Just switch your mobile phone, experts say
বিত্তীয় প্ৰৱঞ্চনা তথা হেকাৰৰ পৰা কেনেকৈ নিজৰ স্মাৰ্টফোনটো ৰক্ষা কৰিব ? (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 8, 2024, 5:17 PM IST

হায়দৰাবাদ: আপোনাৰ স্মাৰ্টফোনটো হেকাৰৰ পৰা সুৰক্ষিত কৰি ৰাখিব বিচাৰেনে ? তেতিয়াহ’লে এই প্ৰতিবেদন আপোনাৰ বাবে । কেৱল আপোনাৰ ফোনটো বন্ধ কৰি দিলেই আপুনি হেকাৰৰ আক্ৰমণৰ পৰা পৰিত্ৰাণ বুলি কয় নেশ্যনেল ছিকিউৰিটি এজেন্সী অৱ আমেৰিকাৰ বিশেষজ্ঞসকলে । কিন্তু কিমান সময়ৰ মূৰে মূৰে ফোনটো চুইচ অফ কৰিব লাগে ? এই সন্দৰ্ভত বিশদভাৱে জানো আহক ---

আমি আজিকালি সকলোৱেই স্মাৰ্টফোন ব্যৱহাৰ কৰি আছো । কিন্তু ইয়াৰ ৰক্ষণাবেক্ষণৰ প্ৰতি আমি বৰ বিশেষ গুৰুত্ব নিদিওঁ । স্মাৰ্টফোন এটা আমাৰ পকেটত থকা মিনি পাৰ্চনেল কম্পিউটাৰৰ দৰে । সঠিকভাৱে নিয়ন্ত্ৰণ কৰিলে ই বহুদিন পৰ্যন্ত ভাল চলে ।

সপ্তাহত এবাৰ হ’লেও আপোনাৰ ফোনটো সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে । ই ক্ষতিকাৰক লিংকৰ জৰিয়তে হেক কৰাটো সম্পূৰ্ণৰূপে ৰোধ কৰে । ই আপোনাৰ মূল্যৱান তথ্য চাইবাৰ অপৰাধীৰ হাতত পৰাৰ পৰা ৰক্ষা কৰে । তদুপৰি ফোনটো বন্ধ কৰিলে মোবাইলৰ বেটাৰীটোও দীৰ্ঘস্থায়ী হয় ।

সাধাৰণতে চাইবাৰ অপৰাধীয়ে আপোনাৰ মোবাইলত ফোন কৰা বা ক্ষতিকাৰক লিংক পঠোৱাৰ দৰে কাম কৰে । এই মেলৱেৰ আৰু স্পাইৱেৰসমূহৰ জৰিয়তে আপোনাৰ ডিভাইচত আপোনাৰ অজ্ঞাতে ইনষ্টল কৰা হয় । লাহে লাহে আপোনাৰ ফোনটো হেকাৰৰ নিয়ন্ত্ৰণলৈ আহি পৰিব পাৰে ।

এনেবোৰ কাম ফলপ্ৰসূভাৱে প্ৰতিৰোধ কৰিবলৈ আপুনি নিশ্চিতভাৱে আপোনাৰ ফোনটো পুনৰ বুট কৰিব লাগিব । তাৰ পিছত ফোনটোৰ পৰা ক্ষতিকাৰক মেলৱেৰ আৰু স্পাইৱেৰ আঁতৰাই পেলোৱা হয় । ইয়াৰ উপৰিও, নিয়মিতভাৱে পুনৰাৰম্ভ কৰিলে আপোনাৰ ফোনটোৰ অপাৰেটিং চিস্টেম মসৃণভাৱে চলি থাকিব । আন এপবোৰেও ভালদৰে কাম কৰে ।

টিপচ: ইয়াৰ দ্বাৰা আপোনাৰ ফোনটো বন্ধ হোৱাৰ কিমান দিন হ’ল সেই কথাও জনোৱা হয় । ইয়াৰ বাবে আপোনাৰ এণ্ড্ৰইড ফোনটোৰ ছেটিংছলৈ যাওক । তাত থকা 'Device' বিকল্পটোত ক্লিক কৰক । তাৰ পিছত 'Status' ত ক্লিক কৰক ৷ তাত চুইচ অফ কৰাৰ সময় লক্ষ্য কৰিব ।

লগতে পঢ়ক: আধাৰ কাৰ্ডৰ অপৰাধৰ লগত জড়িতসকল সাৱধান ! জেললৈ যোৱাৰ লগতে ভৰিব পাৰে লাখ টকাৰ জৰিমনা - Aadhaar card fraud

বিত্তীয় প্ৰৱঞ্চনাৰ পৰা নিজক কেনেকৈ বচাই ৰাখিব ? - OTP Scam increasing

অনলাইন শ্বপিং কৰাৰ পূৰ্বে সাৱধান হওক ! - Safe online shopping

ABOUT THE AUTHOR

...view details