নিউজ ডেস্ক, 4 ছেপ্টেম্বৰ:উৎসৱৰবতৰত ভাৰতীয় বজাৰত মুকলি হ’ল এখন নতুন বাইক৷ Jawa Yezdi Motorcycles এ মুকলি কৰিছে নতুন Jawa 42 FJ মটৰ চাইকেল । ‘42’ লাইনআপত Jawa 42 FJ হৈছে স্প’ৰ্টী আৰু অধিক শক্তিশালী মডেল । আন Jawa 42 মটৰ চাইকেলৰ তুলনাত এইখনত বহু পৰিৱৰ্তন কৰা হৈছে । মুকলিৰ লগে লগে কোম্পানীটোৱে বুকিং আৰম্ভ কৰিছে । ইয়াৰ ডেলিভাৰীও শীঘ্ৰে আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে ।
ইয়াৰ এক্স শ্ব’ৰুম মূল্য 1.99 লাখ টকা । ভাৰতীয় বজাৰত ই Royal Enfield Huntak 350 আৰু Honda CB350 ৰ দৰে মডেলৰ সৈতে পোনপটীয়াকৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব ।
Jawa 42 FJ বৈশিষ্ট্যসমূহ
Jawa 42 FJ ত 334cc, লিকুইড-কুল্ড, একক চিলিণ্ডাৰ ইঞ্জিন আছে, যিয়ে 21.45bhp শক্তি আৰু 29.62Nm টৰ্ক উৎপন্ন কৰে । ইঞ্জিনটো স্লিপ আৰু এছিষ্ট ক্লাচৰ সৈতে 6 স্পীড গিয়াৰবক্সৰ সৈতে সংযুক্ত কৰা হৈছে । অৱশ্যে ইয়াৰ মাইলেজৰ পৰিসংখ্যা প্ৰকাশ কৰা হোৱা নাই ।
আধুনিক ৰেট্ৰ’ থিম
Jawa 42 FJ ৰ ডিজাইনৰ কথা ক’বলৈ গ’লে এই মটৰ চাইকেলখনৰ আধুনিক ৰেট্ৰ’ থিম আছে । এলুমিনিয়াম ঢাকনি আছে ইন্ধনৰ টেংকটোত । ব্ৰেণ্ডটোৰ আন Jawa 42 ৰ সৈতে একেধৰণৰ চাইড পেনেল । পিছফালৰ ফেণ্ডাৰৰ পৰা জাভা টেইল আৰু ফেণ্ডাৰো আছে ।