হায়দৰাবাদ: প্ৰায় 8 মাহ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ থকাৰ পাচত অৱশেষত পৃথিৱীলৈ আহিবলৈ সাজু হৈছে নাছাৰ মহাকাশচাৰী নিক হেগ, সুনীতা উইলিয়ামছ আৰু বাচ্চ উফলম’ৰ ৷ নাছাৰ স্পেচএক্স ক্ৰু-9 ৰ সদস্যসকলে নাছাৰ মহাকাশচাৰী নিক হেগ, সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলম’ৰৰ লগতে ৰস্কোচমছৰ মহাকাশচাৰী আলেকজেণ্ডাৰ গৰ্বুনভৰ সৈতে শেহতীয়াকৈ পৃথিৱীলৈ উভতি অহাৰ বাবে প্ৰস্তুতি চলাইছে বুলি নাছাই জনায় ।
ক্ৰুৱে কম্পিউটাৰত পুনৰ প্ৰৱেশ পদ্ধতিৰ অভ্যাস কৰিছিল, যাৰ ফলত তেওঁলোকে স্পেচএক্স ড্ৰেগনৰ ক্ৰু মহাকাশযানত উঠি পৃথিৱীৰ বায়ুমণ্ডলত নিৰাপদে পুনৰ প্ৰৱেশ কৰিবলৈ সুসজ্জিত হোৱাটো নিশ্চিত কৰিছিল । নাছাৰ স্পেচএক্স ক্ৰু-10 অভিযানৰ আগমনৰ প্ৰায় এসপ্তাহৰ পাছত ক্ৰু-9 ৰ দলটোৱে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ (ISS) ডক কৰিবলৈ ওলাইছে ।
ফ্ল’ৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা 12 মাৰ্চত উৎক্ষেপণ হ’বলগীয়া ক্ৰু-10-এ নাছাৰ মহাকাশচাৰী এন্নে মেকক্লেইন আৰু নিকোল আয়াৰ্ছ, ৰস্কোচমছৰ মহাকাশচাৰী কিৰিল পেস্কোভ আৰু জেক্সা মহাকাশচাৰী টাকুয়া অনিছিক আই এছ এছলৈ লৈ আহিব ।
প্ৰত্যাহ্বানৰ সন্মুখীন মহাকাশচাৰী
পৃথিৱীলৈ ঘূৰি অহাৰ পূৰ্বে পৃথিৱীৰ পৰিৱেশৰ সৈতে সামঞ্জস্য গঢ়ি ৰাখিবলৈ সাজু হৈছে মহাকাশত আবদ্ধ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বাচ্চ উইলম’ৰে ৷ দুয়োগৰাকী মহাকাশচাৰীয়ে এই অভিযানৰ অন্তৰ অন্যতম কঠিন প্ৰত্যাহ্বানৰ বাবে নিজকে সাজু কৰিছে বুলি জানিবলৈ দিছে ৷ অ’তদিনে মহাকাশত আবদ্ধ হৈ থকাৰ পাচত পৃথিৱীৰ মাধ্যাকৰ্ষণৰ সৈতে পুনৰ সামঞ্জস্য স্থাপন কৰিবলৈ নিজকে শাৰীৰিক-মানসিকভাৱে সাজু কৰি তুলিছে । মহাকাশত মাহৰ পিছত মাহ কটোৱাৰ পিছত মাধ্যাকৰ্ষণৰ প্ৰভাৱে তেওঁলোক উভতি অহাৰ লগে লগে সাধাৰণ গতিবিধিৰ পাচতো ভাগৰুৱা অনুভৱ কৰোৱাব ৷